তেজস্বীতা বৰুৱাৰ মৃত্যু তথা চিকিৎসাৰ গাফিলতিৰ বিষয়ে সাক্ষ্য দিবলৈ অৱশেষত ওলাই আহিল কেইবাটাও ছাত্ৰ সংগঠন। ১০ তাৰিখৰ পৰা ১২তাৰিখলৈ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ বাবে অহা নাছিল কোনো এজন লোক ৷ কিন্তু সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই সাক্ষ্য দিবলৈ আগবাঢ়ি আহে তিনিটাকৈ দল-সংগঠন ৷
শুক্ৰবাৰে গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰে।
তেজস্বীতা বৰুৱাৰ তদন্ত প্ৰক্ৰিয়াত সাক্ষী প্ৰদান কৰিলে কোনো আইনী জটিলতাৰ সন্মুখীন নহয় বুলি উল্লেখ কৰি ১৯ অক্টোবৰৰ ভিতৰত সচেতন লোকক তদন্ত প্ৰক্ৰিয়াত সহায় হোৱাকৈ সাক্ষী প্ৰদানৰ আহ্বান জনাইছে তদন্তকাৰী বিষয়াই।
উল্লেখযোগ্য যে, কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ গড়মূৰ চিকিৎসালয়ত মৃত্যু হোৱাৰে পৰা মাজুলী স্বাস্থ্য খণ্ড সমালোচনাৰ সন্মুখীন হৈ আহিছে ।
এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল ৰাজ্য চৰকাৰে । ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনা কৰিছিল যদিও সেই সময়ত সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক।