বিশেষ প্ৰতিবেদন, হেডলাইন ৮ – ক্ৰমাগত তিনিটা বছৰে ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বক এক অনিশ্চিত সময়ৰ গৰাহলৈ ঠেলি দিছে। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। পিছে কেন্দ্ৰৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰেও কোটি কোটি ধন ব্যয় কৰি এই মহামাৰীক প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে এই সমগ্ৰ ব্যৱস্থাটোক ভেঙুচালি কৰি ক’ভিডকালীন পৰিৱেশ বিৰাজমান ৰখাৰ এক ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
হেডলাইন ৮ৰ নিজস্ব অনুসন্ধানত গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ধনৰ বিনিময়ত ডাবল ভেকচিনেশ্যন আৰু RTPCR ৰ নিগেটিভ ৰিপ’ৰ্ট প্ৰদান কৰি এক ৰমৰমীয়া বেহা চলাই থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কোনো তেজ বা খেকাৰৰ নমুনা অবিহনেই কেৱল ধন দিলেই একোগৰাকী লোকে এই বিশেষ ব্যক্তিগত খণ্ডৰ হাস্পতালৰ পৰা লাভ কৰিব পাৰে ভেকচিনেশ্যন কিম্বা আৰটিপিচিআৰৰ ৰিপ’ৰ্ট। গুৱাহাটীৰ এক বিলাসী হাস্পতালৰ পৰাই গঢ়ি উঠিছে এই ভয়ংকৰ জালিয়াতিৰ নেটৱৰ্ক। ইতিমধ্যে প্ৰতিদিনে এই চিকিৎসালয়ৰ পৰা বহু লোকে নিগেটিভ ৰিপ’ৰ্ট আৰু ভ্ৰমণৰ বাবে জৰুৰী ভেকচিনেশ্যনৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছো আমি।
উল্লেখ্য যে এই ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ সমান্তৰালকৈ এই চক্ৰটোৱে ব্যক্তিসকলৰ নাম আইচিএমআৰৰ ডাটাবেছতো অন্তৰ্ভুক্ত কৰি আহিছে। প্ৰতিখন আৰটিপিচিআৰ ৰিপ’ৰ্টৰ বিনিময়ত ১২০০ টকাকৈ আৰু প্ৰতিখন ডাবল ভেকচিনেশ্যনৰ প্ৰমাণপত্ৰৰ বিনিময়ত ২০০০ টকাকৈ সংগ্ৰহ কৰি অহা এই চক্ৰটোৱে বিগত বৰ্ষৰ পৰাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি অহাৰ কথা পোহৰলৈ আহিছে। এই পৰ্যন্ত একাধিক হাস্পতালে এই ষড়যন্ত্ৰৰ সৈতে লিপ্ত হৈ থকাৰ খবৰ পোৱা গৈছে।
যিসময়ত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ডাবল ভেকচিনেশ্যন সম্পূৰ্ণ কৰিবলৈ ৰাজ্যবাসীক বাৰম্বাৰ আহ্বান জনাই আহিছে, তেনে সময়তে এই সমগ্ৰ ব্যৱস্থাটোকেই ভেঙুচালি কৰিবলৈ ক’ত সাহস পাইছে এই একাংশ চিকিৎসালয়ে? নে স্বাস্থ্য বিভাগৰ কোনো বৰমূৰীয়াৰ ছত্ৰছায়াত থাকি এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে প্ৰতিদিনে ৰাজ্যত মেলি দিছে ভুৱা নিগেটিভ ৰিপ’ৰ্টৰ জাল। এনেদৰে বহু ক’ভিড আক্ৰান্তকো হয়তো এই চিকিৎসালয়ে প্ৰদান কৰিছে আৰটিপিচিআৰৰ নিগেটিভৰ প্ৰমাণপত্ৰ। তেনে স্থলত জীৱনদায়িনীৰ স্বীকৃতি লৈ ভয়ংকৰ মহামাৰী বিয়পোৱাত লিপ্ত হোৱা নাইতো এই চিকিৎসালয়সমূহ!
ইয়াক লৈ হেডলাইন ৮ ৰ অনুসন্ধান অব্যাহত আছে। পৰৱৰ্তী প্ৰতিবেদনত একাধিক চিকিৎসালয়ৰ এনে কাণ্ড প্ৰমাণসহ পোহৰলৈ আহিব।।