লকডাউন! বৰ্তমান সময়ৰ এটা ভয়ংকৰ শব্দই হৈছে লকডাউন । ২০২০ চনত মোদী চৰকাৰে প্ৰথম লকডাউন ঘোষনা কৰাৰ পিছতেই দেশত সৃষ্টি হৈছিল এক ভয়াৱহ পৰিস্থিতি । বিগত বৰ্ষৰ এই লকডাউনৰ পিছতেই সাধাৰণ খাটি খোৱা লোকসকলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা ।
চৰকাৰৰ বিভিন্ন নীতি-নিৰ্দেশনা লকডাউন তথা ভেকচিনৰ প্ৰক্ৰিয়াৰ বাবে কিছু পৰিমানে সকাহ পাইছিল । কিন্তু পুনৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰনা মহামাৰীত আক্ৰান্তৰ সংখ্যা । লগতে ক’ৰনাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰনে দেখা দিছে অন্য ৰাজ্যৰ লগতে অসমতো । এই পৰিপেক্ষিতত অসমত লকডাউন হোৱাৰ শংকা দেখা দিয়াতো স্বাভাৱিক । এই সন্দৰ্ভত হেডলাইন ৮ ৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিওৱা হৈছিল এখনি প্ৰতিবেদন । এই প্ৰতিবেদনত বিভিন্ন জনে নিজৰ মন্তব্য আগবঢ়াইছিল । কোনোৱে যদি তেওঁলোকৰ বিগত বৰ্ষৰ ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰিছিল কোনোৱে আকৌ পুনৰ লকডাউন নোহোৱাৰ কামনা কৰিছিল ।
এতিয়া প্ৰশ্ন হয়, আকৌ হ’ব নেকি লকডাউন?
ভয়াৱহ দিনবোৰ আকৌ উভতি আহিব নেকি?
ঘৰৰ কণমানিটিৰ গাখীৰ কিম্বা বৃদ্ধ পিতাইৰ ঔষধ যোগাৰ হ’ব নে?
দুটা বছৰৰ ভয়ংকৰ সময়ে ককাল ভাঙি থৈ যোৱা পৰিয়ালটোৱে কোনোমতে থিয় হৈছিলহে। আকৌ ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে লকডাউন নহয়। তথাপি শংকা বাঢ়িছে সাধাৰণ লোকৰ । কি হ’ব লক্ষেশ্বৰৰ? চবেৰা, হাফিজ, গোলাপ অথবা মধুৰামহঁতৰ কি হ’ব?
আমি কথা পাতিছিলো এজন ফলবেপাৰীৰ সৈতে , তেওঁৰ স্পষ্ট মন্তব্য লকডাউন দিলে ‘মৰি যাব লাগিব’। এতিয়া চৰকাৰৰ প্ৰতিখন SOP য়ে শংকিত কৰি তোলে আমাক।মুখ্যমন্ত্ৰীৰ প্ৰতিখন সংবাদ মেলে শংকিত কৰি তোলে আমাক।
সঠিক পৰিকল্পনা, সঠিক বিকল্প অবিহনেই জাৰি কৰা লকডাউনে ইতিমধ্যেই বহু লোকক বাধ্য কৰিছিল জীৱিকাৰ পথ সলনি কৰিবলৈ। সুস্থিৰ জীৱিকা ত্যাগ কৰি একমাত্ৰ পৰিয়ালটোৰ স্বাৰ্থতেই তেওঁলোক বহিবলগীয়া হৈছিল ফুটপাথত। ইয়াৰ পিছত?আকৌ এবাৰ চৰকাৰৰ ভুলৰ পৰিণাম ভুগিবলৈ সাজু নহয় দৈনিক খাটি খোৱা মানুহবোৰ। কোনোবা দিনা নিশা ১০ বজাত ঘোষণা হ’ব পুৱা ৫ বজাৰ পৰা অথবা ১১ বজাৰ পৰা কাৰ্ফিউ।
হোটেল, ৰেষ্টুৰেণ্ট, ধাবা , চিনেমা হল, শ্বপিং মল, বজাৰ আদি লাহে লাহে বন্ধ হ’ব। ৰাজপথবোৰ নিমাও মাও হ’ব।
মানুহবোৰ শোকত মৰিব, ৰোগত মৰিব, ভোকত মৰিব।
নামি আহিব কালৰূপী লকডাউন। জীৱন বিনাশী ক’ভিড কিম্বা অমিক্ৰ’নকৈও ভয়াৱহ হৈ নামি আহিব লকডাউন।