নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত ৰাজ্যৰ আন এক টোলগেট ।
অসম-বংগ সীমান্তৱৰ্তী গোসাঁইগাঁৱৰ তেলিপাৰাত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আন এখন টোলগেটৰ ।
উল্লেখ্য যে, পশ্চিম বংগৰ কামাখ্যাগুৰীত এখন টোলগেট থকাৰ তৎচত্তেও তাৰে কিছু নিলগতেই পুনৰ নিৰ্মাণ আন এখন টোলগেটৰ । কামাখ্যাগুৰীৰ পৰা গোসাঁইগাঁৱৰ তেলিপাৰা দূৰত্ব মাথো ২৭ কিলোমিটাৰ হোৱাৰ বিপৰীতে তেলিপাৰাৰ পৰা ৩৭ কিলোমিটাৰ দূৰত্বত থকা কোকৰাঝাৰৰ পাটগাঁৱত আছে আন এখন টোলগেট ।
পূৰ্বে কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হ’ব প্ৰতিটো টোলগেট । তেনেস্থলত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ পাধিকৰণে নীতিবহিৰ্ভূতভাৱে টোলগেট তেলিপাৰাত নিৰ্মাণ কৰিছে নেকি বুলি সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ভাৱন হৈছে ।
যʼত বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য । অসম-বংগ সীমান্ত শিমুলটাপুৰ পৰা কচুগাঁও লৈ ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যও অৰ্ধনিৰ্মিত হৈ আছে । তাৰোপৰি অৰ্ধনিৰ্মিত অৱস্থাত আছে কেইবাখনো উৰণীয়া সেতুঁ । যাৰ ফলত ওৱান ৱে’ পথেৰে চলাচল কৰিব লগা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সহস্ৰাধিক যান-বাহন । ফলত প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু যান- বাহনৰ আৰোহী তথা পথচাৰীসকল । এইক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষীৰ কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালন কৰিছে ।