• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ

৩৬ আৰু ৩৮ নং সেৱাৰ বাছ খানামুখ , ধাৰাপুৰলৈ চলাচল কৰাৰ দাবী পশ্চিম গুৱাহাটীবাসী ৰাইজৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 15, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, জীৱনশৈলী, সংবাদ
1 min read
0
চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ
Share on FacebookShare on Twitter

মহানগৰীত থাকিও চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীৰ ৰাইজ ।

 

৩৬ আৰু ৩৮ নং সেৱাৰ বাছ খানামুখ , ধাৰাপুৰলৈ চলাচল কৰাৰ দাবী গুৱাহাটীবাসীৰ । গুৱাহাটীৰ ৰাইজৰ বাবে এক প্ৰকাৰ নষ্টালজিয়া আৰু ইতিহাসত পৰিণত হৈছে মহানগৰীৰ চিটিবাছ সেৱা ।

 

অথচ প্ৰায় দুটা দশক আগলৈকে নিশা ৯ বজালৈকে চিটিবাছ চলাচল কৰিছিল পশ্চিম গুৱাহাটীৰ ৰাণী , মাজিৰগাঁও , আজাৰাৰ ভি আই পি লৈকে । বিশেষকৈ ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চিটিবাছ সেৱাৰ উপৰিও ব্যক্তিগত খণ্ডৰ চিটিবাছ সেৱাই ৰাণী , আজাৰা ভি আই পি , মাজিৰগাঁওকে ধৰি পশ্চিম গুৱাহাটীৰ এক বিস্তীৰ্ণ অঞ্চল সামৰি লৈছিল । ফলত অতি সহজে পশ্চিম গুৱাহাটীৰ ৰাইজে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ পোনপটীয়াকৈ অহা যোৱা কৰিব পাৰিছিল ।

 

কিন্ত কালক্ৰমত ২০০১ – ০২ চন মানৰ লাহে লাহে ৰাজহুৱা খণ্ডৰ পৰিবহণ নিগমৰ লগতে ব্যক্তিগত খণ্ডৰ চিটিবাছ সেৱা কোনো কাৰণ নোহোৱাকৈ বন্ধ হয় ।

তাৰ ঠাই লবলৈ আৰম্ভ কৰে মেজিককে ধৰি তেনে ধৰণৰ চাৰিচকীয়া লঘু বাহন সমূহে ।

কিন্তু এই লঘু বাহন তুলনামূলকভাৱে অধিক খৰচী হোৱা আৰু মিৰ্জা , বিজয়নগৰকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই বাহন কেৱল জালুকবাৰী বা আদাবাৰীলৈকে চলাচল কৰে । ফলত আদাবাৰীৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বৰ মালিগাঁওলৈ কোনো লোক ধাৰাপুৰ বা খানামুখৰ পৰা অহাযোৱা কৰিব লাগিলেও মাত্ৰ ছয় – সাত কিলোমিটাৰ ব্যৱধানত দুখনকৈ বাহন সলাব লগীয়া হয় । এনেকৈ অহাযোৱা কৰিবলগীয়া হোৱাৰ ফলত পশ্চিম গুৱাহাটীৰ ৰাইজে ভাড়াৰ নামত অযথা অধিক খৰশ্ৰান্ত আৰু অধিক সময়ৰ অপচয় কৰিবলগীয়া হৈছে ।

 

এইখিনীতে উল্লেখযোগ্য যে, ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনায় ২০১৬ – ১৭ চনত কামৰূপ মহানগৰ জিলাৰ তদানীন্তন উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ ডঃ এম অংগমুথুৱে তেতিয়া নাৰেংগীৰ পৰা লংকেশ্বৰলৈ চলাচল কৰি থকা ৬ নং সেৱাৰ চিটিবাছ সমূহ লংকেশ্বৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগৰ খানামুখলৈ চলাচল কৰা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছিল । কিন্তু এটা বছৰ চলাচল কৰাৰ পাছত এই সেৱা প্ৰায় বন্ধ হৈ পৰে ।

আনহাতে পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ ফালৰ পৰা গুৱাহাটীৰ চিটিবাছ সেৱাক ন – ৰূপ দিয়াৰ লক্ষ্যৰে মহানগৰীৰ চিটিবাছ সেৱাৰ পথ সমূহৰ নম্বৰৰ ব্যাপক সালসলনি কৰাৰ লগতে ৰাইজৰ সুবিধাৰ্থে নতুন নতুন অঞ্চলক সামৰি লোৱাৰ নিৰ্দেশনা জাৰি কৰা হয় । সেই অনুসৰি ৩৬ নং সেৱাৰ চিটিবাছ সমূহক নাৰেংগীৰ পৰা চানমাৰী হৈ খানামুখলৈ চলাচল কৰা আৰু ৩৮ নং সেৱাৰ চিটিবাছ সমূহক বশিষ্টৰ পৰা ধাৰাপুৰ চাৰিআলিলৈকে চলাচল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হয় । কিন্তু আন বহু চৰকাৰী নিৰ্দেশৰ দৰে সেই নিৰ্দেশনাও পাহৰনিৰ গৰ্ভলৈ গতি কৰাত পুনৰ দুখলগাকৈ চিটিবাছ সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে পশ্চিম গুৱাহাটীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ ।

 

৩৬ আৰু ৩৮ নম্বৰৰ চিটিবাছৰ বেছিভাগেই খানামুখ বা ধাৰাপুৰলৈ অহাৰ সলনি জালুকবাৰীলৈকেহে চলাচল কৰে । ইফালে পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা , পশ্চিম গুৱাহাটী সাংবাদিক সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী শাখা , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদকে ধৰি বিভিন্ন দল – সংগঠনে কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ কৰ্তৃপক্ষক ৩৬ আৰু ৩৮ নম্বৰ সেৱাৰ চিটিবাছ সমূহক খানামুখ – ধাৰাপুৰলৈ চলাচল কৰাৰ ক্ষেত্ৰত তৎপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । আনকি দল সংগঠন সমূহে বিগত দুটা দশক পূৰ্বৰ দৰে আজাৰা হৈ ৰাণীলৈ আৰু পলাশবাৰী হৈ মিৰ্জালৈ চিটিবাছ সেৱাৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাইছে ।

Tags: #asaam news#assam traffic#Headline8
Previous Post

ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

AICC সভাপতি পদৰ নিৰ্বাচনী বতাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8