যিকোনো ভাৰতীয় মধ্যবিত্তই অনাকাংক্ষিত বিপদৰ কথা ভাবিলে এটা নামেই মনলৈ আহে ৷ এলআইচি ৷ “মোৰ এলআইচিত পলিচী আছে ৷ কিবা বিপদ হ’লে পৰিয়ালৰ কামত আহিব” ৷ এই আস্থাই এলআইচিক ভাৰতৰ সবাতোকৈ বিশ্বস্ত বীমা ব্ৰেণ্ড কৰি তুলিছে। এলআইচি মানেই যে ভাৰতীয়ৰ আস্থা ৷ কিন্তু আজি এই আস্থা যেন সংকটত !
৫হাজাৰ কোটি টকাৰ বিনিয়োগ ৷ ২৫০০ কোটি টকাৰ বাৰ্ষিক ডিভিডেণ্ড ৷ ৬ লাখ কোটি টকাৰ বাৰ্ষিক আয় ৷ ১০ হাজাৰ কোটি টকাৰ কৰ আদায় ৷ ৩১ লাখ কোটি টকাৰ সম্পদ সৃষ্টি ৷ ১৩লাখ লোকক প্ৰত্যক্ষ সংস্থাপন ৷ ২৯ কোটি লোকলৈ সেৱা ৷ এয়াই life insurance corporation of india অৰ্থাৎ এলআইচিৰ চমকপ্ৰদ profile ৷ এনে এটা কোম্পানীৰ share বিক্ৰীৰ কথা কোনোবাই ভাবিবনে? হয়তো কোনো স্বত্বাধিকাৰে নাভাবে ৷ কিন্তু ভাৰত চৰকাৰে ভাবিছে ৷
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেটত দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী এলআইচিৰ initial public offering অৰ্থাৎ আই পি অ’ৰ ঘোষণা কৰে৷ আই পি অ’ৰ জৰিয়তে বিক্ৰী কৰা হ’ব ৬২ বছৰীয়া কোম্পেনীটোৰ অংশীদাৰিত্ব৷ এলআইচিত আজিৰ তাৰিখত ভাৰত চৰকাৰৰ ১০০ শতাংশ অংশীদাৰিত্ব আছে ৷ কিন্তু এলআইচিৰ এই নিৰ্বিয়োজনৰ ফলত কালক্ৰমত দেশৰ কোটি কোটি লোকৰ বিপদৰ সাৰথি এলআইচি হ’বগৈ পাৰে ব্যক্তিগত খণ্ডৰ কোম্পেনী ৷ হয়তো এটা সময়ত আপোনাৰ বিপদৰ সাৰথি হোৱাতকৈ বজাৰৰ পৰিস্থিতিহে হ’ব পাৰে এলআইচিৰ প্ৰাথমিকতা ৷
কিয় চৰকাৰে এলআইচিৰ দৰে ভাৰতীয়ৰ আস্থাৰ প্ৰতীক এটা অতি লাভজনক কোম্পেনীৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত ল’লে? চৰকাৰে মূলত: দুটা কাৰণত চৰকাৰী বা ৰাজহুৱা কোম্পেনী বিক্ৰী বা কোম্পেনীটোৰ অংশীদাৰীত্ব বিক্ৰী কৰে৷ প্ৰথম কাৰণ- ভুল পৰিচালনা নীতিৰ বাবে এটা ৰাজহুৱা খণ্ডৰ কোম্পেনী লোকচানৰ মুখলৈ ঠেলি দিয়ে আৰু কোম্পেনীটো বিক্ৰী কৰি দিয়ে৷ দ্বিতীয় কাৰণ- চৰকাৰৰ হাতত চৰকাৰী আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাথাকিলে বিক্ৰী কৰি দিয়ে চৰকাৰী কোম্পেনীৰ অংশীদাৰীত্ব৷
এতিয়া আহোঁ এলআইচিত এনে পৰিস্থিতি আহিছেনে? মন কৰিবলগীয়া যে ব্যক্তিগত বীমা কোম্পানীৰ দৌৰাত্ম্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এলআইচিৰ জন্ম দিয়া হৈছিল ৷ ৰাষ্ট্ৰীয়কৰণৰ পূৰ্বে ২৫টা বীমা কোম্পানী দেউলীয়া হৈছিল ৷ ৮০টাই ৰিটাৰ্ণ দাখিল কৰা নাছিল ৷ ২৪৫টা জীৱন আৰু ১০৮টা সাধাৰণ বীমা কোম্পানীয়ে পলিচীহ’ল্ডাৰক লাভ দিব পৰা নাছিল ৷ লগতে আছিল বৃহৎ জালিয়াতি ৷ ১৯৯৯চনৰ পৰা চৰকাৰৰ ন্যূনতম সমৰ্থন আৰু ব্যক্তিগত খণ্ডৰ প্ৰত্যাহ্বানৰ পাছতো এলআইচিৰ উন্নতি আছিল অতি চমকপ্ৰদ ৷ বীমাৰ বজাৰত এলআইচি ২৩টা ব্যক্তিগত কোম্পানীৰ প্ৰত্যাহ্বানৰ পাছতো অপ্ৰতিৰোধ্য ৷ ২০২১লৈ বীমাৰ বজাৰত পলিচীৰ ক্ষেত্ৰত এলআইচিৰ অংশ হৈছে ৮১.০৪ শতাংশ আৰু প্ৰিমিয়ামৰ ক্ষেত্ৰত ৬৪.৭৪ শতাংশ ৷
যদিও ভাৰত চৰকাৰে এলআইচিৰ surplusৰ ৫ শতাংশহে লাভ কৰে, ২০১৯-২০ত চৰকাৰে এলআইচিৰপৰা dividend হিচাপে লাভ কৰিছিল ২৬৯৭ কোটি টকা ৷ এলআইচিয়ে সেই বছৰ কৰ দিছিল ১০২২৫ কোটি টকা ৷
এলআইচিয়ে চৰকাৰক আন বিভিন্ন ধৰণেও ব্যাপক সহায় কৰি আহিছে ৷ ২০১৯-২০ত ই ভাৰত চৰকাৰৰ ১.৭৮ লাখ কোটি টকাৰ securities কিনিছিল ৷ সামাজিক খণ্ডত বিনিয়োগ কৰিছিল ৫২২৯৭ কোটি টকা ৷ ২০২০ পৰ্যন্ত চৰকাৰী বিভিন্ন আঁচনিত এলআইচিৰ মুঠ বিনিয়োগ আছিল ২৪.০১ লাখ কোটি টকা ৷
২৪ জানুৱাৰীত এল আই চিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত এলআইচিৰ লাভ হৈছে ১,৪৩৭ কোটি টকা৷ অৰ্থাৎ লোকচান হোৱা বাবে এল আই চিৰ অংশীদাৰিত্ব বিক্ৰী কৰিবলৈ লোৱা হোৱা নাই৷ বা ভুল পৰিচালনা নীতিৰো ই চিকাৰ হোৱা নাই ৷ তেন্তে? আচলতে নৰেন্দ্ৰ মোডী চৰকাৰৰ হাতত চৰকাৰী আঁচনি চলাবলৈ পৰ্যাপ্ত ধন নাই ৷ সেইবাবেই অতি লাভজনক প্ৰতিষ্ঠান এলআইচিৰ অংশ বিক্ৰী কৰিবলৈ লোৱা হৈছে৷
২০২১-২২ বৰ্ষৰ বাজেটতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাজহুৱা খণ্ডৰ কোম্পেনীৰ disinvestment অৰ্থাৎ নিৰ্বিনিয়োজনৰ জৰিয়তে ১লাখ ৭৫ হাজাৰ কোটি টকা সংগ্ৰহৰ লক্ষ্য ঘোষণা কৰিছিল৷ এলআইচিৰ অংশীদাৰীত্ব বিক্ৰীৰে ১লাখ ৭৫ হাজাৰ কোটি টকা সংগ্ৰহৰ এটা অংশ পূৰাব বিচাৰিছে চৰকাৰে ৷
কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল এলআইচিৰ আইপিঅ’ বিক্ৰী কৰিলেই এলআইচি হ’ব নেকি ব্যক্তিগত খণ্ডৰ কোম্পেনী? চৰকাৰে স্পষ্টীকৰণ দিছে যে এয়া ব্যক্তিগতকৰণ নহয় ৷ এটা পৰ্যায়লৈ এলআইচিৰ শ্বেয়াৰ সকলোৰে বাবে মুকলি হ’ব ৷ কিন্তু শ্বেয়াৰ বজাৰত মুকলি কৰা মানে আধিপত্য কাৰ হ’ব? মন কৰিব যে ভাৰতৰ share বজাৰত retail investor অৰ্থাৎ সৰ্বসাধাৰণৰ বিনিয়োগ মাত্ৰ ৩ শতাংশ ৷ অৰ্থাৎ এলআইচিৰ শ্বেয়াৰ মূলতঃ দেশী বিদেশী কৰ্পোৰেটৰ বাবে মুকলি কৰা হৈছে ৷
চৰকাৰে এতিয়ালৈকে এলআইচিৰ কিমান শতাংশ শ্বেয়াৰ বিক্ৰী কৰিব সেয়া ঘোষণা কৰা নাই৷ এলআইচিৰ মূল্য নির্দ্ধাৰিত হৈছে ১৫ লাখ কোটি টকা৷ ইয়াৰে ১০ৰ পৰা ২৫ শতাংশ শ্বেয়াৰ বিক্ৰী হোৱাৰ সম্ভাৱনা আছে ৷ ১০ শতাংশ শ্বেয়াৰ বিক্ৰী কৰিলেও চৰকাৰৰ হাতলৈ আহিব ১ লাখ ৫০ হাজাৰ কোটি টকা৷ ১০ৰ পৰা২৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰিলে এল আই চি ব্যক্তিগত খণ্ডৰ কোম্পেনী হৈ নাযায়৷ ই এক ৰাজহুৱা খণ্ডৰ কোম্পেনীয়ে হৈ থাকিব৷ কিন্তু নিৰ্বিনিয়োজনৰ অন্তিম লক্ষ্য হৈছে ব্যক্তিগতকৰণ ৷ সেয়ে এলআইচিও এটা সময়ত হবগৈ পাৰে ব্যক্তিগত খণ্ডৰ কোম্পেনী৷
আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল- এল আই চিৰ আইপিঅ’ৰ কি প্ৰভাৱ পৰিব এলআইচিৰ পলিচীৰ গ্ৰাহকৰ ওপৰত? এতিয়ালৈকে এলআইচিৰ বেছিভাগ পলিচীয়ে নন ইউনিট লিংক অৰ্থাৎ শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ লগত সম্পর্ক নাই এই পলিচীবোৰৰ ৷ শ্বেয়াৰ বজাৰত লিষ্টিং হোৱাৰ পাছত এলআইচিৰ কাম-কাজত আৰু বেছি পাৰদৰ্শিতা আহিব বুলি মুক্ত বজাৰৰ সমৰ্থকসকলে আশা কৰিছে ৷ কিন্তু তাৰ লগত এয়াও সম্ভৱ হ’ব পাৰে যে এলআইচিৰ উন্নত প্ৰৰ্দশন মানে পলিচীৰ গ্ৰাহকৰ লাভ আৰু শ্বেয়াৰ বজাৰত পতন মানে লোকচান ৷ হয়তো আমি বিপদৰ বন্ধু বুলি ভাবি থোৱা এলআইচি পলিচীবোৰো বজাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব ৷ জীৱনৰ লগতো আৰু জীৱনৰ পাছতো-এলআইচিৰ এই আস্থা তেতিয়া ৰক্ষা পৰিবনে?