২৬ জানুৱাৰীৰ এটা ভয়াৱহ ঘটনা । এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল । ইন্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিও। য’ত এগৰাকী মহিলাক অতি নৃশংস ভাৱে এদল মানুহে অত্যাচাৰ কৰা দেখা গৈছে। মহিলাগৰাকীক মুখত ক’লা ৰং সানি দিয়াৰ লগতে চুলি কাটি দিয়া গৈছে। এই ঘটনা দেশৰ ৰাজধানী দিল্লীৰ ।
জানিব পৰা মতে, এগৰাকী ২০ বছৰীয়া বিবাহিতা মহিলাক এই দৰে ৰাজহুৱা ভাৱে যৌন নিৰ্যাতন চলোৱা হয়। মহিলাগৰাকীৰ আছে এটি তিনিবছৰীয়া সন্তান। খবৰ অনুসৰি, এই ২০ বছৰীয়া বিবাহিতা মহিলা গৰাকীক এজন কিশোৰে দিছিল প্ৰেমৰ প্ৰস্তাৱ। কিন্তু মহিলাগৰাকী এই প্ৰস্তাৱত সন্মত নোহোৱাত ল’ৰাজনে হতাশ হৈ আত্মহত্যা কৰে।
আত্মহত্যাৰ বাবে ল’ৰাজনৰ পৰিয়ালে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি ৰাজহুৱা ভাৱে নিৰ্যাতন চলায়। কেৱল এয়াই নহয় মহিলাগৰাকীক এটা কোঠালীত দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই, মুখত ক’লা ৰং সানি সমগ্ৰ চুবুৰীটো ঘূৰাই লৈ ফুৰে।
উল্লেখ্য যে, এনে অমানৱীয় ঘটনা সংঘটিত কৰা দলটোত মহিলাৰ সংখ্যাই অধিক। ভনীয়েকে ঘটনাটো সংঘটিত হোৱাৰ খবৰ পাই পুলিচক ফোন কৰিব বিচাৰোতে তাইক কোনেও সহায় কৰা নাছিল।এই নৃসংশ কাণ্ডৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সকলোৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীৰ উপযুক্ত শাস্তি বিচাৰিছে। এতিয়া প্ৰশ্ন হয় কিয় দেশৰ ৰাজধানীত বাৰে বাৰে সংঘটিত হয় এনে ঘটনা ? এই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পৰা উদ্ধাৰ হবনে ৰাজধানী দিল্লী ?