শেহতীয়াকৈ সামাজিক মাধ্যমত এখনি আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল। দাবী কৰা হৈছিল যে উক্ত আলোকচিত্ৰখন অসমৰ কংগ্ৰেছ নেতা অমজাত আলীৰ ।আলোকচিত্ৰখন প্ৰচাৰ কৰি দাবী কৰা হৈছিল যে তেওঁক আৰক্ষীয়ে মাৰণাস্ত্ৰ আৰু গ্ৰেণেডসহ আটক কৰিছে।
পিছে Headline8 ৰ অনুসন্ধানত পোৱা গৈছে যে ছৱিখন সন্দৰ্ভত কৰা দাবী ভুৱা।
দাবী:
ফেচবুক ব্যৱহাৰকাৰী Indraveer Gupta ই ১৭ জুনত এখনি ছৱি শ্বেয়াৰ কৰি লিখিছিল-
“ আপেলৰ বাকচত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী কঢ়িয়াই ফুৰাৰ অপৰাধত অসম আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছ নেতা অমজাত আলীক। হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীয়ে সকলোবোৰ উৎখাত কৰি পেলালে। কংগ্ৰেছৰ হাত—সন্ত্ৰাসবাদীৰ সৈতে”।
অন্য এটা টুইটাৰ হেণ্ডল cbpunjabi য়ে লিখে- -“ অসমৰ কংগ্ৰেছ নেতা অমজাত আলীক আপেলৰ বাকচত অস্ত্ৰ-শস্ত্ৰ আৰু গুলী কঢ়িয়াই ফুৰা অৱস্থাত অসম আৰক্ষীয়ে আটক কৰিছে।
অৱশ্যে অসম আৰক্ষীয়ে কুটাঘাতৰ পৰিকল্পনা ব্যৰ্থ কৰে।। কংগ্ৰেছৰ হাত সন্ত্ৰাসবাদীৰ সৈতে।“
ইয়াত আপোনালোকে Indraveer Gupta আৰু cbpunjabi ৰ পোষ্ট চাব পাৰিব।
অনুসন্ধান: Headline8 য়ে ছৱিখনৰ এক সত্যানুসন্ধান কৰে আৰু তলত আমি কি পালো সেয়া উল্লেখ কৰা হ’ল:
আলোকচিত্ৰ ১: এইখন আলোকচিত্ৰৰ এক Reverse Google Image Search আমি কৰিছিলো।অনুসন্ধানৰ অন্তত আমি আৱিস্কাৰ কৰো যে ব্যৱহৃত আলোকচিত্ৰখন ৬ মে’ ২০১৮ ৰ । ছৱিৰ ব্যক্তিজনক এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল বাংলাদেশৰ মৈমনসিঙ জিলাত। শিকলিৰে বন্ধা এই ব্যক্তিগৰাকীৰ নাম মুবাৰক হুছেইন।
আৰক্ষীৰ পোছাকৰো অনুসন্ধান কৰি পোৱা গ’ল যে সেয়া মৈমনসিঙ জিলাৰ।
ছৱি ২: দ্বিতীয় ছৱিখনৰ Reverse Google Image Search কৰি আমি কেইবাটাও টুইটৰ সন্ধান পাও।সেই সমুহ টুইট কৰা হৈছিল, ২০১৮ ৰ অক্ট’ৱৰ মাহৰ শেষৰ পিনে।
জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ দ্বাৰা ২৯ অক্ট’ৱৰ ২০১৮ ত কৰা টুইটটোৱেই উল্লেখযোগ্য।
টুইটটোত লিখা হৈছে- –
A brief exchange of fire on the outskirts of Srinagar city. Three suspected militants arrested among them one is injured.Arms and ammunition recovered. Investigations started. pic.twitter.com/lT9AoRnu5H
— J&K Police (@JmuKmrPolice) October 29, 2018
শ্ৰীনগৰৰ উপকণ্ঠত সংঘটিত চমু সংঘৰ্ষৰ অন্তত তিনিগৰাকী সন্দেহযুক্ত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰা হৈছে। সিহঁতৰ এজন আঘাতপ্ৰাপ্ত হৈছে। অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অনুসন্ধান চলি আছে’।
সৰ্বশেষত ওপৰোক্ত ব্যক্তিসকলৰ ফেচবুক আৰু টুইটাৰ প্ৰফাইল পৰীক্ষা কৰা হয়। ফেচবুক বৱহাৰকাৰী Indraveer Gupta ৰ আছে ৪০০ ত কৈ অধিক ফেচবুক বন্ধু। একেদৰে cbpunjabi ৰ টুইটাৰত আছে ১৫,৯০০ অনুসৰণকাৰী।
সামৰণি:
ছৱিখনত দেখা ব্যক্তিগৰাকী বহুতে দাবী কৰাৰ দৰে অসমৰ কংগ্ৰেছ নেতা অমজাত আলীৰ নহয়। Headline8 য়ে পুংখানুপুংখ অনুসন্ধানৰ অন্তত জানিব পাৰে যে এয়া এক অপপ্ৰচাৰ কিম্বা ভুৱা প্ৰচাৰ।
ছৱিত দেখা ব্যক্তিজন মুবাৰক আলী, যি হ’ল বাংলাদেশৰ মৈমনসিঙ জিলাৰ এগৰাকী নাবালিকা যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত ব্যক্তি।