শেহতীয়াকৈ সামাজিক মাধ্যমত এটা মেছেজৰ লগত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰা হৈছে যে “আফঘানিস্তানত মোবাইল ফোন নিষিদ্ধ কৰা হৈছে। সকলোৱে নিজৰ মোবাইল ফোনবোৰ স্বেচ্ছাৰে তালিবানৰ সেনাক দি দিব লাগিব, ইয়াৰ পাছত কোনোবা নাগৰিক যদি মোবাইল ফোনৰ লগত ধৰা পৰে, তেন্তে তেওঁৰ মৃত্যু অনিবাৰ্য; এয়া এক নতুন আইন।”
পিছে Headline8ৰ অনুসন্ধানত পোৱা গৈছে যে ভিডিঅ’টো ভুৱা।
Headline8ৰ সত্যানুসন্ধানত আমি কি পালোঁ তলত উল্লেখ কৰা হ’ল-
H8 Fact Cheak এ এই ভাইৰেল ভিডিঅ’ৰ উৎস জানিবৰ বাবে সঠিক কী-ৱৰ্ডৰ সহায়ত গুগল ছাৰ্ছ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে আমি হোৱাটছএপ্পযোগে লাভ কৰা ভিডিঅ’টো InVID টুলত আপলোড কৰি ইয়াৰে ভালেমান গ্ৰেব উলিয়াই লও। আমাৰ এই কাৰিকৰী অনুসন্ধান কালত আমি ভালেমান আন্তৰ্জাতিক সংস্থাৰ বাতৰি আৰু উল্লেখযোগ্য ফটো লাভ কৰো।
পঢ়ুৱৈসকলে এইটো কথা জানি থোৱা ভাল, যে যদি এইটো খবৰ সঁচা হ’লহেঁতেন তেন্তে এইটো “ব্ৰেকিং নিউজ” হিচাপে সমগ্ৰ পৃথিৱীত বিয়পি পৰিলেহেঁতেন, কিন্তু এনেকুৱা একো খবৰ অহা নাই।
ভিডিঅ’টো যেতিয়া ভালকৈ চোৱা হ’ল, প্ৰায় ৯ ছেকেণ্ড যাওঁতে এজন পুলিচ অফিচাৰে উৰ্দুত কিবা এটা কোৱা শুনিবলৈ পোৱা গ’ল। প্ৰায় ১৬ ছেকেণ্ডত এজন পুলিচৰ সামৰিক পোছাকজোৰৰ বাহুত পাকিস্তানৰ পতাকাৰ ছবি দেখিবলৈ পোৱা গ’ল।
এইদুটা তথ্য পোৱাৰ পাছত গুগলত ভালকৈ search কৰাৰ পাছত বিচাৰি পালোঁ Vice নামৰ আমেৰিকাৰ সংবাদ সংস্থাটোৰ এক বাতৰি। তাৰ ৭ জানুৱাৰীৰ এক প্ৰতিবেদনত কোৱা হৈছে যে নৱবৰ্ষৰ সন্ধিয়াৰ আগতে, পাকিস্তানৰ শুল্ক সংস্থাই ১৩.৯ নিযুত ডলাৰ মূল্যৰ চোৰাং সুৰা, নিচাজাতীয় সামগ্ৰী আৰু নিষিদ্ধ সামগ্ৰীৰ এক বিশাল সংগ্ৰহ জ্বলাই দিয়াৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল।
পাকিস্তানৰ এক বাতৰি সংস্থা The Newsএ এক ৰিপৰ্ট প্ৰকাশ কৰিছিল এইটো বিষয়কলৈ।
YouTube চেনেল RealKarachiএ সেই ৩০ ডিচেম্বৰৰ অনুষ্ঠানৰ এটা ভিডিঅ’ আপল’ড কৰিছিল, য’ত পাছফালৰ মাল কঢ়িওৱা এটা container দেখা গৈছে, যিটো container ভাইৰেল হোৱা ভিডিঅ’টোতো দেখিবলৈ পোৱা গৈছে।
সংক্ষেপে আমি এইটোৱে ক’ব পাৰো যে আফঘানিস্তানৰ বুলি তালিবানে মোবাইল ভাঙি থকা ভিডিঅ’টো ভুৱা, য’ত পাকিস্তানৰ এটা ক্লিপহে ভাইৰেল কৰা হৈছিল।