ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যখনৰ ৬৮ জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
বিগত ২৪ ঘণ্টাত ৯০২ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৫৪ শতাংশ। ৰাজ্যখনত ক’ভিড ৰোগী আছে ৩৬২। মঙলবাৰে ক’ভিড চিনাক্ত সকলৰ ভিতৰত ৬ জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে গোৱালপাৰা, হোজাই, যোৰহাট, নগাঁও আৰু নলবাৰী জিলাৰ এজন।