স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰা তথ্য অনুসৰি, শুক্ৰবাৰৰ দিনটোত অসমত ৯১টা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।
Summary of 19/08/2022
Today’s Total 91
Overall Positivity Percentage (91 cases out of 3611 tests done= 2.52%)
Kamrup(M) 23
Death 0
Recovery Rate 98.53%
— Keshab Mahanta (@keshab_mahanta) August 19, 2022
মন কৰিবলগীয়া যে, ১৯ আগষ্টৰ দিনটোত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোৰ তুলনাত অৰ্থাৎ ১৮ আগষ্টতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে। ১৯ আগষ্টৰ দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ কম আছিল। জানিব পৰা মতে, বিগত চাৰিদিন ধৰি অসমত ক’ৰোনাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য আছিল।
উল্লেখযোগ্য যে, ১৯ আগষ্টত কভিড–১৯ পৰীক্ষা কৰা ৩,৬১১ জন মানুহৰ ভিতৰত ৯১ জন মানুহৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে। গুৰুত্বপূৰ্ণ যে, এই দিনটোত কভিড–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ প্ৰায় ৫০ শতাংশ কম আছিল। কামৰূপ মহানগৰত বিগত দিনটোত ২৩ জন লোক ক’ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকেও প্ৰাণ হেৰুৱাব লগা হোৱা নাই।