দেশত ক’ৰোনা সংক্ৰমণৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্রণালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ৪৫১৮ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। উল্লেখ্য যে, দেওবাৰে দেশত ৪২৭০ টা ক’ৰোনাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল।
স্বাস্থ্য মন্ত্রালয়ে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত ২৭৭৯ গৰাকী লোকক ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰাত ঘৰলৈ যাবলৈ দিয়া হৈছে। একে সময়তে এই সময়ছোৱাত ৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে ক’ৰোনা সক্রিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈ ২৫,৭৮২ জনলৈ বৃদ্ধি পাইছে। এই পর্যন্ত ৪ কোটি ২৬ লাখ ৩০ হাজাৰ ৮৫২ জন লোক ক’ৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। একে সময়তে এতিয়ালৈকে মুঠ ৪ কোটি ৩১ লাখ ৮১ হাজাৰ ৩৩৫ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মুঠ ৫ লাখ ২৪ হাজাৰ ৭০১ জন লোকৰ মৃত্যু হৈছে।