ৰাজ্যত বিগত ২৪ ঘণ্টাত ১২ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।
এই সময়ছোৱাত মুঠ ২,৪৭৯ গৰাকী লোকৰ দেহত ক’ভিড পৰীক্ষা কৰোৱা হৈছিল।
সেই অনুসৰি ক’ভিড পজিটিভিটিৰ হাৰ ০.৪৮ শতাংশ।
কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৭ জন, যোৰহাটত ২ জন, বিশ্বনাথত ১ জন আৰু ডিব্ৰুগড়ত এজনকৈ লোক ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰিছে।