ক’ভিডৰ ভেকচিন নাকেৰে লোৱাৰ ক্ষেত্ৰত ইতিমধ্যে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ব্যক্তিগত খণ্ডৰ হাস্পতালত এই বুষ্টাৰ ডোজ গ্ৰহণ কৰিব পাৰিব দেশৰ জনসাধাৰণে। এই বুষ্টাৰ ডোজক পূৰ্বে BBV154 হিচাপে জনা গৈছিল যদিও এতিয়াৰে পৰা ইয়াক জনা যাব iNCOVACC হিচাপে। ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলে এই নোজেল ভেকচিন গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে ভাৰত বায়’টেক আৰু আমেৰিকাৰ ৱাশ্বিংটন ইউনিভাৰ্চিটীয়ে।
উল্লেখ্য যে বিশ্বত পুনৰবাৰ গা কৰি উঠা ক’ভিডৰ আতংকৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই ভেকচিনৰ বাবে অনুমতি প্ৰদান কৰিছে। প্ৰথমাৱস্থাত এই ভেকচিন দেশৰ ব্যক্তিগত খণ্ডৰ হাস্পতালত গ্ৰহণ কৰিব পাৰিব। উল্লেখ্য যে এই iNCOVACC ভেকচিনক ভাৰত চৰকাৰে ইতিমধ্যে ক’ভিড-১৯ ভেকচিনেচন প্ৰ’গ্ৰামৰ অন্তৰ্ভুক্ত কৰিছে।