ক’ৰোনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনামূলক বৈঠকত অংশ লয়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আন দেশৰ তুলনাত ক’ৰোনাৰ ওপৰত ভাৰতে নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে যদিও ক’ৰোনাৰ প্ৰত্যাহ্বান এতিয়াও সম্পূৰ্ণৰূপে প্ৰতিহত হোৱা নাই। তেওঁ এইক্ষেত্ৰত ইউৰোপৰ দেশবোৰৰ কথা উনুকিয়াই ক’ৰোনাৰ প্ৰকাৰ অ’মিক্ৰনে মহাদেশখনত সৃষ্টি কৰা গুৰুতৰ পৰিস্থিতিৰ কথা সোঁৱৰাই দিয়ে।
Speaking at a meeting with Chief Ministers. https://t.co/WyeQyQS0UQ
— Narendra Modi (@narendramodi) April 27, 2022
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে যোৱা কেইমাহমানত ক’ৰোনাৰ নতুন প্ৰকাৰবোৰৰ ঘটনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত সকলোকে সতৰ্ক থকাৰ আহ্বান জনায় মোদীয়ে। ক’ৰোনাৰ লগতে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয়- যোৱা দুসপ্তাহ ধৰি ক’ৰোনা সংক্ৰমণক লৈ সতৰ্ক হ’ব লাগিব। ২ বছৰৰ ভিতৰত দেশখনে ক’ৰোনা সম্পৰ্কীয় প্ৰতিটো ক্ষেত্ৰত স্বাস্থ্য আন্তঃগাঁথনিৰ পৰা অক্সিজেন যোগানলৈকে যি প্ৰয়োজন সেয়া কৰিছে। সেয়েহে তৃতীয় ঢৌত পৰিস্থিতি অনিয়ন্ত্ৰিত হোৱাৰ কোনো খবৰ অহা নাছিল,
তেওঁ কয় যে তৃতীয় ঢৌৰ সময়ত আমি প্ৰতিদিনে ৩ লাখৰো অধিক ঘটনা দেখিছিলো। আমাৰ সকলো ৰাজ্যই সেইবোৰো চম্ভালিছিল। আন সকলো সামাজিক, অৰ্থনৈতিক কাৰ্যকলাপো ত্বৰান্বিত হৈছিল। ক’ৰোনা কালত কেন্দ্ৰ আৰু ৰাজ্যসমূহে যিদৰে একেলগে কাম কৰিছিল, আৰু যিসকলে ক’ৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, মই সকলো ক’ৰোনা যোদ্ধাক প্ৰশংসা কৰোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে টিকাকৰণৰ পৰিসংখ্যা গণনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়- আজি ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯৬% লোকে ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে। ১৫ বছৰতকৈ অধিক বয়সৰ প্ৰায় ৮৫% শিশুৱে দ্বিতীয় পালি প্ৰাপ্ত কৰিছে। মাৰ্চ মাহত আমি ১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে টিকাকৰণ আৰম্ভ কৰিছিলোঁ। মঙলবাৰে, ৬-১২ বছৰ বয়সৰ শিশুৰ বাবেও ভেকচিনৰ অনুমতি দিয়া হৈছিল।