গুজৰাটত ধৰা পৰিছে কৰোনাৰ নতুন প্ৰকাৰ এক্সইত আক্ৰান্ত আন এজন ৰোগী। স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে। এই মুহূৰ্তত, সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি, ৰোগীজন বদোদৰাৰ গোত্ৰী অঞ্চলৰ বাসিন্দা। ৬০ বছৰীয়া ব্যক্তিজনৰ দেহত যোৱা ১১ মাৰ্চত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰিছিল। ইয়াৰ পিছতে তেওঁৰ নমুনা জিনোম অনুক্ৰমৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ক’ৰোনাৰ নতুন ভেৰিয়েণ্ট XEৰ সংক্ৰমণ ধৰা পৰে। সূত্ৰ অনুসৰি, লোকজনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।
উল্লেখ্য যে, দেশৰ এক্সই প্ৰকাৰৰ প্ৰথম ঘটনাটো মুম্বাইত পোৱা গৈছিল। অৰ্থাৎ এতিয়ালৈকে দেশত এক্সইৰ দুটা ঘটনা পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই XE প্ৰকাৰটোৰ প্ৰথম ঘটনাটো ১৯ জানুৱাৰীত ইংলেণ্ডত পোৱা গৈছিল।