দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷ অসমত ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ দুগুণ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড পজিটিভিটিৰ হাৰে চিন্তিত কৰি তুলিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক।
অসমত সৰ্বভাৰতীয় পৰ্যায়ত ৩.৩৫ শতাংশৰ বিপৰীতে অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৭.৫৪ শতাংশ। বিগত ৭ দিনৰ পৰা ৰাজ্যত গড় ক’ভিড পজিটিভিটিৰ হাৰ ৫.৯২ শতাংশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৩.৩০ শতাংশ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে, ৰাজ্যত বৃদ্ধি পোৱা কোভিড পজিটিভিটিৰ হাৰ উদ্বেগজনক। কমকৈ পৰীক্ষা কৰাৰ লগে লগে ৰাজ্যত নতুনকৈ আক্ৰান্ত হোৱা লোকো কম।
কিন্তু যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী সূত্ৰ অনুসৰি যোৱা সপ্তাহত ৰাজ্যত ২৯৮ জন নতুনকৈ ক’ভিড আক্ৰান্ত ধৰা পৰিছে। যিহেতু বৰ্তমান সময়ত বানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, সেয়ে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত লোকসকলৰ সৈতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে অতি সোনকালে অসমত এটা বিশেষ ক’ভিড টেষ্টিং ড্ৰাইভ আৰম্ভ কৰা হ’ব বুলি স্বাস্থ্যবিভাগৰ এগৰাকী বিষয়াই অৱগত কৰে।