চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক’ৰোনা ভাইৰাছৰ নতুন প্ৰকাৰে ভাৰততো প্ৰভাৱ পেলোৱা দেখা গৈছে। বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে। এই সংখ্যাৰ ফলত বৰ্তমান ভাৰতত মুঠ ৰোগীৰ সংখ্যা ৪,৪৬,৭৭,৬৪৭ হৈছে।
উল্লেখ্য যে, দেশত বৰ্তমানলৈকে ক’ভিড সম্পৰ্কীয় মৃত্যুৰ সংখ্যা ৫,৩০,৬৯৬ জন যদিও বিগত ২৪ ঘণ্টাত ক’ভিডৰ বাবে কোনো নতুন মৃত্যু হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক’ভিডৰ দৈনিক পজিটিভিটিৰ হাৰ ০.১৪ শতাংশ ৰেকৰ্ড কৰা হৈছে। আনহাতে, সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.১৮ শতাংশ বুলি মন্ত্ৰালয়ে জনায়।
আনহাতে, কেন্দ্ৰই বুধবাৰে সতৰ্ক কৰি দিছিল যে ভাৰতত আগন্তুক জানুৱাৰীত ক’ভিডৰ ঘটনা তীব্ৰ ভাৱে বৃদ্ধি দেখা পোৱাৰ সম্ভাৱনা আছে।