পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। শেহতীয়াকৈ দেশত বিগত ২৪ঘন্টাত ৩২০৭গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭গৰাকী লোকৰ মৃত্যু হৈছে। অৱশ্যে ২৪ঘন্টাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৪১০গৰাকী।
উৰিষ্যাৰ এখন বিদ্যালয়ত ৬৪গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড। ৰায়গাডা জিলাৰ এখন বিদ্যালয়ত ক’ৰোনাৰ এই ভয়ংকৰ সংক্ৰমণৰ বাবে জিলা প্ৰশাসনে বিদ্যালয়খন বন্ধ কৰি ৰাখিছে।
তথ্য অনুসৰি, দুটা হোষ্টেলৰ শিক্ষাৰ্থীৰ দেহত এই সংক্ৰমণ হৈছে। বৰ্তমান সকলো শিক্ষাৰ্থীকে চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি সদৰি কৰিছে জিলা প্ৰশাসনে।