চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিলে। অৱশ্যে ভেকচিনৰ উদ্ভাৱনে বৰ্তমান স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছিল। কিন্তু শেহতীয়াকৈ চীনত পুনৰ ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। শেহতীয়াকৈ চীনৰ কেইবাখনো নতুন চহৰত লকডাউন ঘোষণা কৰা হৈছে। ৫,২৮০ জন লোক নতুনকৈ ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে, যি কৰোনা মহামাৰীৰ আৰম্ভণিৰ পাছত এই সংখ্যা সৰ্বাধিক। ক’ৰোনাই চীনৰ জিলিন প্ৰদেশত বৰ্তমান তীব্ৰ ৰূপ ধাৰণ কৰিছে। ছি জিন পিঙৰ চৰকাৰে ক’ৰোনাৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ চীনৰ ১০ খন চহৰত লকডাউন ঘোষণা কৰিছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দাবী কৰে যে চীনে ক’ৰোনা ভাইৰাছক জৈৱ-অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ বিপৰীতে চীনে দাবী কৰে যে, ভাইৰাছটো য়ুহানৰ সাগৰীয় খাদ্যৰ বজাৰৰ পৰা বিয়পি পৰিছিল। চীনৰ দাবী কিমান সঁচা এই সন্দৰ্ভত এটা শেহতীয়া অধ্যয়নত তাৎপৰ্যপূৰ্ণ তথ্য প্ৰকাশ পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজোনা বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল ৱাৰবেই দাবী কৰিছে যে ভাইৰাছটো জৈৱ-পৰীক্ষাগাৰৰ পৰা নহয় কিন্তু য়ুহানৰ সাগৰীয় খাদ্য বজাৰৰ পৰা বিয়পি পৰে।
২০১৯ চনত ক’ৰোনা সংক্ৰমণৰ বিতং প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই তথ্য আগবঢ়োৱা হৈছে। চীনৰ এই দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা সন্মত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, ক’ৰোনা সংক্ৰমণ কেৱল চীনতে নহয়, ইউৰোপৰ বহুতো দেশত ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে। অৱশ্যে, ভাৰতত ক’ভিড সংক্ৰমণ বৰ্তমান নিয়ন্ত্ৰণত আছে।