গুৱাহাটীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (বি বি চি আই) কৰ্কট বা কেন্সাৰ ৰোগ বিষয়ত সেনা বাহিনীৰ কৰ্মৰত – অৱসৰপ্ৰাপ্ত লোকসকলৰ পৰিয়ালৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বশিষ্ঠৰ ১৫১ সেনা চিকিৎসালয় চৌহদত আজি এটা বিনামূলীয়া অনকলজী পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কামৰূপ, কামৰূপ মহানগৰ, বঙাইগাঁও, নলবাৰী, নগাওঁ, গোৱালপাৰা, ধুবুৰী, শোণিতপুৰ, দৰং, বৰপেটা আৰু চিৰাং জিলাৰ সেনা বাহিনীৰ বহু অৱসৰপ্ৰাপ্ত লোক, যুদ্ধত নিহত সৈনিকৰ বিধৱা পত্নী তথা বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বহু লোকে ভাগ লয়।
শিবিৰত বি বি চি আইৰ পৰা অহা এটা বিশেষজ্ঞ চিকিৎসকৰ দলে উপস্থিত লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগ সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। আনহাতে শিবিৰত ভাৰতীয় সেনাৰ ১০১ এৰিয়া, ৫১ চাব এৰিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱাৰ (চি জি এইছ এছ ) গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ কেবাজনো বিষয়া, চিকিৎসা বিষয়া উপস্থিত থাকে।