কণী খাবলৈ বেয়া পোৱা লোক হয়তো এই পৃথিৱীত কোনোৱে নাই। সকলোৱে বিশেষকৈ ৰাতিপুৱাৰ আহাৰত এটা কণী খাবলৈ বিচাৰে। কিন্তু, কিছুমান লোকে দৈনিক কণী খাবলৈ ভয় কৰে। কিন্তু, গৱেষক সকলে দাবী কৰে যে কণীত বহুতো গুণ আছে, যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। বিশেষকৈ হৃদযন্ত্ৰ ভালে ৰখাৰ বাবে কণী বহুত উপযোগী।
২০১৮ চনত, ৫০০,০০০ চীনা নাগৰিকৰ অধ্যয়নৰ ফলাফল স্বৰূপে হৃদযন্ত্ৰ আলোচনী হাৰ্টত প্ৰকাশিত হৈছিল। দেখা গৈছিল যে যিসকল লোকে নিয়মীয়াকৈ এটাকৈ হলেও কণী খায়, তেওঁলোকৰ হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা অনিয়মীয়া কণী খোৱাসকলৰ তুলনাত কম হয়। চীনৰ বেইজিংৰ পিকিং বিশ্ববিদ্যালয়ৰ পেথলজী আৰু জীৱন পৰিসংখ্যাৰ অধ্যাপক লং পেনৰ উদ্যোগত এই গৱেষণা কৰা হৈছিল।
তেওঁলোকে অধ্যয়নটো মুঠ ৪,৭৭৮ গৰাকী লোকৰ ওপৰত চলাইছিল। সেই ৪,৭৭৮ গৰাকী লোকৰ ভিতৰত ৩,৪০১ জনৰ দেহত হৃদৰোগ আছিল, আনহাতে বাকী ১,৩৭৭ জনৰ কোনো সমস্যা নাছিল। গৱেষকসকলে দেখিলে যে যিসকলে নিয়মীয়াকৈ কণী খায় তেওঁলোকৰ তেজত এইচ.এল.ডি বা উচ্চ ঘনত্বৰ লাইপোপ্ৰ’টিন অধিক পৰিমাণে থাকে। এইচ.এল.ডি য়ে ৰক্ত নলীবোৰত কলেষ্টেৰল পৰিষ্কাৰ কৰাত সহায় কৰে। গতিকে, তেওঁলোকে দৈনিক আহাৰত এটা কণী খোৱাৰ পৰামৰ্শ দিয়ে।