আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ সহযোগত মুদুকি আঞ্চলিক জনজাতীয় হাইস্কুলত বুধবাৰে এখন স্বাস্থ্য মেলা অনুষ্ঠিত হয়। স্বাস্থ্য মেলাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, গৱেষক ভূবিন চন্দ্ৰ ৰাভাই। উদ্বোধনী অনুষ্ঠানত হাইস্কুলৰ প্ৰধান শিক্ষক সত্যোন্দ্ৰ ৰাভা, আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ জীতেন্দ্ৰ সিং, যুগস্মীতা শইকীয়া, মানস শেখৰ বৰুৱা, নৱজিৎ বৰ্মণ, প্ৰকাশ ডেকা, ধৰিত্ৰী বৈশ্য, আমজাদ আলী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিবিৰত আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, চিকিৎসা কৰ্মীৰ এটি দলে বৃহত্তৰ অঞ্চলটোৰ ডেৰ শতাধিক পুৰুষ-মহিলা,শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি যাবতীয় ঔষধ প্ৰদান কৰে। তদুপৰি লেবৰেটৰী বাহনত শতাধিক লোকৰ বিভিন্ন পৰীক্ষা বিনামূলীয়া ভাবে কৰা হয়।