অসমত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। মঙলবাৰে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত অসমত ২৫ টা নতুন ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে একে সময়তে ৰাজ্যত ক’ৰোনাৰ ফলত ১ জন লোকৰ মৃত্যুও হৈছে।
Summary of 15/08/2022
Today’s Total 25
Overall Positivity Percentage (25 cases out of 690 tests done= 3.62%)
Kamrup(M) 5
Death 1
Recovery Rate 98.52%
— Keshab Mahanta (@keshab_mahanta) August 15, 2022
বিগত ২৪ ঘন্টাত কভিদ–১৯ পৰীক্ষা কৰা ৬৯০ জন মানুহৰ ভিতৰত ২৫ জন মানুহৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে। বৰ্তমান ক’ৰোনা ভাইৰাছ বৃদ্ধিৰ হাৰ ৩.৬২ শতাংশ হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ৫ জনৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে।
ইয়াৰোপৰি, ৰাজ্যত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত ১ জন লোকৰ মৃত্যু হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি, ১৪ আগষ্ট তাৰিখে অসমত ৬১৩ জন লোকে ক’ভিদ–১৯ পৰীক্ষা কৰে আৰু কেৱল ১৭ জন লোকহে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল, তাৰে ৫ জন লোক কামৰূপ মহানগৰৰ আছিল।