দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্রমণ। বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা। ২৪ ঘণ্টাত দেশজুৰি ৪,০৪১ জন ব্যক্তি আক্রান্ত হয় ক’ভিডত।
২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ১০জনৰ। ৩ মাহৰ বিৰতিৰ মূৰত ক’ভিডৰ সংক্রমণ বৃদ্ধি। ইতিমধ্য়ে তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্র, কৰ্ণাটক ৰাজ্যক সতৰ্কবাণী দিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে। বৰ্তমান ক’ভিডৰ পৰা সুৰক্ষিত হৈ আছে অসম। বিগত ২৪ ঘণ্টাত অসমত এজনো ক’ভিড ৰোগী ধৰা পৰা নাই।