দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ ঘটনা। বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি উত্তৰ প্ৰদেশ চৰকাৰে আজি ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কাষৰ জিলাৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ জিলাসমূহক প্ৰভাৱিত কৰিছে। যাৰবাবে এই জিলাসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
উত্তৰ প্ৰদেশৰ এগৰাকী চৰকাৰী শীৰ্ষ বিষয়াই কোৱা মতে, চৰকাৰে গৌতম বুদ্ধ নগৰ, গাজিয়াবাদ, হাপুৰ, মীৰাট, বুলন্দচহৰ, বাগপত আৰু ৰাজধানী লক্ষ্ণৌৰ ৰাজহুৱা স্থানত মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে। বিষয়াজনে কৈছে যে, যোৱা ২৪ ঘণ্টাত গৌতম বুদ্ধ নগৰত ৬৫ টা, গাজিয়াবাদত ২০ টা আৰু লক্ষ্ণৌত ১০ টা নতুন ক’ৰোনাৰ ঘটনা নিশ্চিত কৰা হৈছে।