দেশত ক’ভিডত সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমান ১৭,৮০১জন। অফিচিয়েল তথ্য অনুসৰি, এই ভাইৰাছে দেশত এতিয়ালৈ ৫,২৩,৭৫৩জন লোকৰ প্ৰাণ লৈছে। ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত। ক্ৰমাগত দ্বিতীয় দিনৰ বাবে ক’ভিডৰ সংক্ৰমণৰ নতুন ঘটনা ৩০০০ৰো অধিক। উল্লেখ্য যে, ২৮ এপ্ৰিলত দেশত কোৰোণাত আক্ৰান্ত হয় ৩,৩০৩জন লোক। বিগত ২৪ ঘণ্টাত ২৪৯৬জন লোক কোৰোণামুক্ত হৈছে। আনহাতে, মৃত্যু হৈছে ৬০জন লোকৰ। ICMR জনাইছে যে, ভাৰতত বৃহস্পতিবাৰে ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ বাবে ৪,৭৩,৬৩৫টা নমুনা পৰীক্ষা কৰা হৈছে।
দেশত ক’ভিডত সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমান ১৭,৮০১জন। বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিড ভেকচিনৰ ২২,৮০,৭৪৩টা পালি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে দেশত বৰ্তমানলৈকে প্ৰদান কৰা ভেকচিনৰ ড’জৰ সংখ্যা ১,৮৮,৬৫,৪৬,৮৯৪টা। ক’ভিড সংক্ৰমণৰ নতুন ঘটনা আটাইতকৈ বেছি আহিছে ৰাজধানী দিল্লীত। দিল্লীত ধাৰাবাহিকভাৱে সপ্তম দিনা ১০০০ৰো অধিক লোক কোভিড ১৯ত আক্ৰান্ত হৈছে।