দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। দেশত কৰোনাৰ চতুৰ্থ ঢৌৰ সংক্ৰমণ তীব্ৰতৰ হৈ উঠাৰ সময়তে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে এক নতুন নিৰ্দেশনা। এই নিৰ্দেশনাৰ ভিত্তিত হ্ৰাস কৰা হয় ক’ভিডৰ দ্বিতীয় পালি ভেকচিন আৰু বুষ্টাৰ ড’জৰ মাজত ব্যৱধান। এই ব্যৱধান চৰকাৰে ৬ মাহলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, পূৰ্বতে ইয়াৰ ব্যৱধান আছিল ৯ মাহ। অন্য়হাতে দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিখন ৰাজ্যতে কোৰোনা পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানক যথেষ্ঠ গুৰুত্ব দিয়া হৈছে।