বলীউডৰ বৰেণ্য সংগীত পৰিচালক বাপ্পী লাহিড়ীৰ মৃত্যুৰ পাছতে চৰ্চালৈ আহিছে OSA ৷ অৰ্থাৎ Obstructive Sleep Apnea (অবষ্ট্ৰাক্টিভ শ্লীপ এপনিয়া) চমুকৈ OSA ৷ প্ৰকৃততে OSA হৈছে সবাতোকৈ সুলভ নিদ্ৰাকেন্দ্ৰিক শ্বাস প্ৰশ্বাসজনিত ৰোগ ৷ ই নিদ্ৰাৰত অৱস্থাত এজন লোকৰ শ্বাস প্ৰশ্বাস বাৰম্বাৰ বন্ধ কৰে, ফলত ব্যক্তিজনৰ মৃত্যু ঘটিব পাৰে।
OSAৰ লক্ষণসমূহ হৈছে শোওঁতে নাকৰ শব্দ হোৱা, দিনত ভাগৰ অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত কষ্ট হোৱা, নিশা ঘমা, নিশা ঘনাই প্ৰস্ৰাৱ কৰা, মূৰৰ বিষ, যৌন প্ৰবৃত্তিত বিসংগতি আৰু মন সলনি হোৱা আদি৷ সবাতোকৈ সুলভ লক্ষণটো হৈছে নাকৰ শব্দ৷
চিকিৎসকৰ মতে, শোৱাৰ সময়ত ডিঙিৰ মাংসপেশীয়ে শ্বাসপ্ৰশ্বাসৰ পথ ৰুদ্ধ কৰাৰ ফলত কোষবোৰলৈ পৰ্যাপ্ত অক্সিজেন যোগান হ্ৰাস পায়, ফলত মানুহজন হঠাতে সাৰ পায় আৰু টোপনিত ব্যাঘাত জন্মে। যিসকল লোকে Sleeping tablet খায়, অত্যধিক সুৰাপান কৰে বা ধূমপান কৰে তেওঁলোকৰ সমস্যা আৰু বাঢ়ে। শ্বাসনলীলৈ অহা বাধাৰ ওপৰত ভিত্তি কৰি OSA মৃদু, মজলীয়া বা গুৰুতৰ হ’ব পাৰে। মহিলাসকলৰ মাজত তন্দ্ৰা, ভাগৰ আৰু দুৰ্বল স্মৃতিশক্তিও ইয়াৰ লক্ষণ হ’ব পাৰে৷
OSA মহিলাসকলৰ মাজত diabetes, high blood pressure, hypertension আদিৰ সৃষ্টি কৰে৷ কিছু ক্ষেত্ৰত hypothyroidism, ডিমেন্সিয়া আৰু depressionও হ’ব পাৰে ৷
এই ৰোগৰ চিকিৎসা হৈছে titration sleep study৷ ইয়াৰ পাছত হাওঁফাওঁ আৰু ওপৰৰ শ্বাসনলী মুকলি কৰি ৰখাৰ বাবে continuous positive airway pressure machine ব্যৱহাৰ কৰিবলৈ দিয়া হয়। ইয়াৰ লগত positive airway pressure therapyও দিয়া হয় ৷
ধূম্ৰপান আৰু সুৰাপান এৰা, ওজন হ্ৰাস কৰা, দৈনিক ব্যায়াম কৰা আদিৰে এই ৰোগৰপৰা হাত সাৰি থাকিব পাৰি৷ তথ্য মতে ভাৰতৰ ৩.৪ কোটি লোক OSAত আক্ৰান্ত৷ পুৰুষৰ মাজত ইয়াৰ হাৰ ১৪ শতাংশ ৷ মহিলাৰ ক্ষেত্ৰত ১২ শতাংশ ৷