• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2023
in স্বাস্থ্য, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা
Share on FacebookShare on Twitter
দেশবাসীয়ে গ্ৰহণ কৰা ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া। ক’ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে দেশবাসীক যি প্ৰতিষেধক প্ৰদান কৰিছিল, ইয়াৰে আটাইকেইটা প্ৰতিষেধকৰে আছে বিভিন্ন পাৰ্শ্বক্ৰিয়া। দেশৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত দুই সংস্থা ক্ৰমে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ আৰু চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল অৰ্গেনাইজেচন-এ এই কথা স্বীকাৰ কৰিছে।
উল্লেখ্য যে, পুনেৰ ব্যৱসায়ী প্রফুল সাৰদাই তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত দাখিল কৰা এক আবেদনৰ উত্তৰত সংস্থা দুটাই স্বীকাৰ কৰিছে যে ক’ভিডৰ সময়ত দেশবাসীয়ে গ্ৰহণ কৰা প্ৰতিবিধ প্ৰতিষেধকৰ বহু পার্শ্ব প্রতিক্রিয়া আছে। ক’ভিড প্ৰতিৰোধৰ নামত চৰকাৰে কেইবাবিধো প্রতিষেধক প্ৰদান কৰিছিল।এইবোৰৰ ভিতৰত ক’ভিশ্বিল্ড, ক’ভাক্সিন, কভ’ভেক্স, কর্বেভেক্স আদি উল্লেখযোগ্য। সেই সময়ত চৰকাৰে এনে প্ৰতিষেধক ল’বলৈ দেশবাসীক একপ্ৰকাৰ বাধ্য কৰিছিল। চৰকাৰে ঘোষণা কৰিছিল যে প্রতিষেধক নল’লে বাছ, ৰে’ল, বিমান আদিত ভ্রমণ কৰিব নোৱাৰিব, হোটেল, ৰেস্তোৰাঁ, শ্বপিং মল, চিনেমা হল আদিত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে চৰকাৰে প্ৰতিষেধকৰ পাৰ্শ্ব ক্ৰিয়াৰ কথাও অস্বীকাৰ কৰিছিল।
ক’ভিশ্বিল্ড প্রতিষেধক লোৱাৰ পিচতেই গাৰ বিষ, শৰীৰৰ বিভিন্ন স্থানত ৰঙা হোৱা, কোনো কাৰণ নোহোৱাকৈ বমি কৰা, পেটৰ অসহ্য বিষ, মূৰৰ বিষ অথবা বমি, উশাহ চুটি হোৱা, বুকুৰ বিষ, হাত-ভৰি বিযোৱা অথবা ফুলি যোৱা, দুর্বলতা, হাত অথবা ভৰিৰ পক্ষাঘাতৰ দৰে হোৱা, স্নায়ুৰ সমস্যা হোৱা, চকুৰে ধোঁৱা কোৱা দেখা, মানসিক অৱস্থাৰ পৰিবৰ্তন হোৱা, অবসাদগ্রস্ততা ইত্যাদি বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হয়।
ক’ভ’ভেক্স প্রতিষেধকৰ ফলত বেজী লোৱা ঠাইত অসম্ভৱ বিষ, অৱসাদগ্রস্ততা, মূৰৰ বিষ, জ্বৰ শৰীৰৰ পেশী সংকুচিত হোৱা, গাঁঠিৰ বিষ, মূৰ ঘূৰণি আৰু বমি, হঠাৎ ঠাণ্ডা লগা, হাত, ভৰি অথবা গাৰ অসম্ভৱ বিষ হোৱা, দুর্বল অনুভৱ কৰা, ছাল ৰঙা পৰা অথবা খজুৱতি হোৱা, কঁকাল অথবা পিঠিৰ বিষ হোৱা, টোপনি ভাৱ অহা ইত্যাদি লক্ষণ আছে।
ক’ভাক্সিনৰ কথা উল্লেখ কৰি কোৱা হয় যে এই প্রতিষেধকৰ ফলত গাৰ বিষ, মূৰৰ বিষ, অৱসাদগ্রস্ত হোৱা, জ্বৰ, পেটৰ বিষ, মূৰ ঘূৰণি, বমি হোৱা, টোপনি অহা, তন্দ্রাভাব, গা ঘামি যোৱা, ঠাণ্ডা লগা আৰু কফ হোৱা আদি সমস্যাৰ সৃষ্টি হয়।
ক’র্বেভেক্সৰ ক্ষেত্ৰত থকা লক্ষণসমূহৰ ভিতৰত আছে মূৰৰ বিষ, অৱসাদগ্রস্ততা, গাৰ বিষ, পেশীৰ সমস্যা হোৱা, ছালৰ খজুৱতি হোৱা ইত্যাদি লক্ষণ আছে।
স্পুটনিক ভি প্রতিষেধকৰ ক্ষেত্ৰত জ্বৰ, ঠাণ্ডা লাগা,গাঁঠিৰ বিষ,পেশীৰ বিষ,মূৰৰ বিষ, মূৰ ঘূৰণি, খাবলৈ মন নোযোৱা ইত্যাদি লক্ষণ আছে।
Previous Post

CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

GMCHত চিকিৎসাধীন কাব্যঋষি নীলমণি ফুকন

GMCHত চিকিৎসাধীন কাব্যঋষি নীলমণি ফুকন

চাইকেল, বাইক আৰু কাৰ ৰেলীৰে কামৰূপ মহানগৰ জিলাত পথ-সুৰক্ষা সপ্তাহৰ সফল সামৰণি

চাইকেল, বাইক আৰু কাৰ ৰেলীৰে কামৰূপ মহানগৰ জিলাত পথ-সুৰক্ষা সপ্তাহৰ সফল সামৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8