কʼৰোনাৰ প্ৰকোপ ক্ৰমান্বয়ে কমি আহিছে যদিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাৱধানতা লোৱাৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব খোজা নাই। সেয়েহে অহা ১৬মাৰ্চৰ পৰা ১২ৰ পৰা ১৪বছৰৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব কʼভিড ভেকচিন। এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে এক টুইট কৰিছে।
তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈকেকে ১৮০.১৯কোটি লোকক কʼৰোনা ভেকচিন প্ৰদান কৰা হৈছে।