মেষঃ মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শৰীৰ ভালেই থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত চিন্তা বাঢ়িব যদিও শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে চিন্তা-চৰ্চা আগবাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ অশান্তি আৰু বাধা আহীব পাৰে। ৰাজনৈতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ শুভ।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক শুভ হ’ব যদিও মূৰৰ বিষ হব পাৰে। লগতে মানসিক দিশত অশান্তি বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত অবিশ্বাসৰ যোগ। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাক লৈ চিন্তা বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে জড়িতসকলৰ মন ভাৰাক্ৰান্ত হ’ব, উন্নতিত বাধা থাকিব।
মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক চাপ বৃদ্ধি পাব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তাভাবনা বাঢ়িব। সাহিত্য, সংস্কৃতি, সংবাদসেৱাৰে যুক্তসকলৰ বিশেষ অশান্তিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মী নতুন পৰিকল্পনাত ব্যস্ত হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ অশান্তি হ’ব পাৰে। পাৰিবাৰিক সমস্যাই মনত অশান্তি দিব পাৰে। প্ৰেমত অশাস্তিকৰ প্ৰভাৱ থাকিব। শিক্ষার্থীৰ খং, অভিমান বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলে অশান্তিত ভূগিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু উন্নতি কাৰক।
সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সামান্য ৰোগ হ’ব পাৰে। মনৰো অশান্তি হ’ব যদিও প্রেম-পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন চিন্তা হ’ব, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ দিনটো আমনিদায়ক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎকণ্ঠা বৃদ্ধিৰ কাৰক।
কন্যাঃ ৰাশিৰ বাবে আজিৰ দিনটোত শাৰীৰিক দিশত অসুস্থতা বাঢ়িল যদিও মনৰ দৃঢ়তাৰ অটুট থাকিব। প্রেম, পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ উদ্যম বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে মুক্তসকলৰ উন্নতিমূলক কর্মত বাধা আৰু অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্রত কিছু উন্নতি হ’ব।
তুলাঃ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ ফলদায়ক, মনৰ কিছু দুশ্চিন্তা বাঢ়িব। শ্ৰেম পাৰিবাৰিক দিশত শিক্ষার্থীৰ আশা পূৰণ যোগ, শিল্পী ক্ৰীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ অশান্তি আৰু পৰিশ্ৰম বৃদ্ধিৰ কাৰক। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ হয় যদিও সাধাৰণ অশান্তি হ’ব পাৰে।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্রিত কাৰক হ’ব। প্ৰেম-পাৰিবাৰিকত অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তাৰ বাবে কৃতকার্য হ’ব। শিক্ষার্থীৰ মনৰ হাবিয়াহ বাঢ়িব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ ক্ষেত্ৰত কষ্ট বৃদ্ধি পাব। ৰাজনৈতিক লোকৰো অশান্তি বৃদ্ধি হ’ব।
ধনুঃ ধনু ৰাশিৰ লোকৰ আজিৰ দিনটোত শৰীৰৰ কিছু অশান্তি হ’ব পাৰে। মনৰ দৃঢ়তা থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উন্নতিৰ চিন্তাই পৰিয়ালক অশান্তি কৰিব। ক্রীড়াবিদ, শিল্পী, খেলুৱৈ, সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ কাৰক। ৰাজনৈতিক লোকৰ লাভৰ যোগ।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত হ’ব, সাধাৰণ অশান্তিও হ’ব পাৰে। পাৰিবাৰিক অশান্তিয়ে মন অস্থিৰ কৰিব পাৰে। প্রেম-প্রীতিত মধ্যম। শিক্ষা, সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা লাভত কিছু বাধা আৰু দুৰ্ভাৱনাৰ কাৰক। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মোন্নতি হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতা থাকিব। মনৰো আনন্দ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন কর্মপন্থাৰ চিন্তা-চৰ্চা কৰিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ভয়-শংকা থাকিব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ।
মীনঃ মীন ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ সামান্য ৰোগ কাৰক হ’ব। পাৰিবাৰিক অশান্তিত মনৰ হতাশা বৃদ্ধি হ’ব পাৰে। প্ৰেমত শুভ কাৰক। শিক্ষা, সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ অস্থিৰতাৰ মাজতো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে কষ্ট পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কিছু স্থবিৰতাৰ যোগ।