মেষঃ মেষ ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ দিশত শুভ হ’ব যদিও মনৰ দুশ্চিন্তা থাকিব। প্ৰেম-প্ৰীতি, সাংসৰিকত কিছু শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। শিল্পীসকলৰ অশান্তিৰ মাজতো কিছু উন্নতিৰ কাৰক। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো অস্থিৰতা বাঢ়িব পাৰে। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু অশুভ কাৰক হ’ব।
বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শৰীৰৰ বাবে বৰ বেছি শুভ কাৰক নহ’ব। মানসিক অশান্তি বাঢ়িব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশতো কিছু অশান্তি হ’ব পাৰে। ক্ৰীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিত বাধা হ’ব যদিও কিছু সুফল পোৱাৰো যোগ আছে। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত অলপ লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া হ’ব।
মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শৰীৰ সুস্থ থাকিব। মনৰ কিছু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অযথা সময় অপচয় হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ নতুন কৰ্মত সফলতা লাভ। আৰ্থিক বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো কিছু শুভ কাৰক হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শাৰীৰিক ৰোগ-ৰিষ্টত কষ্ট হ’ব পাৰে। শিক্ষাৰ্থীৰ অশান্তিৰ মাজতে উন্নতিৰো যোগ। সাহিত্য-সংস্কৃতি-ক্ৰীড়াৰ স’তে জড়িতসকলৰ নিৰাশাৰ মাজতো লাভজনক হ’ব পাৰে। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যুগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ ফল লাভৰ যোগ।
সিংহঃ সিংহ ৰাশিৰ বাবে দিনটো শৰীৰত সামান্য আঘাত পোৱাৰ যোগ। মনৰো অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাক লৈ দুশ্চিন্তা হ’ব। ক্রীড়া সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো অশান্তি দায়ক হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্রিত কাৰক হ’ব।
কন্যাঃ কন্যা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কষ্ট বাঢ়িব পাৰে। মানসিক দিশত মধ্যমীয়া৷ প্ৰেম-পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ অশান্তি আৰু কষ্ট বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কর্মত বাধা থাকিব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক।
তুলাঃ তুলা ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত মিশ্রিত কাৰক। মনৰ কিছু দুশ্চিন্তা হ’ব। প্রেম-পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ নতুন আশাত খেলিমেলি হ’ব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ অশান্তি আৰু পৰিশ্ৰম বৃদ্ধিৰ যোগে লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কষ্টৰ মাজতে লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো কিছু মধ্যমীয়া হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক কিছু উন্নতি কাৰক। মানসিক শুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা। শিল্পী-সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত কিছু বাধা পাব। ৰাজনৈতিক লোকৰ ব্যস্ততা বৃদ্ধি হ’ব। আর্থিক আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অশান্তিকৰ হ’ব।
ধনুঃ ধনু ৰাশি লোকৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া। শিক্ষার্থীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা-ভাবনা বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ যোগ। আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো অশুভ কাৰক হ’ব পাৰে।
মকৰঃ মকৰ ৰাশিৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ মনৰ দুৰ্ভাৱনা বাঢ়িব। সমাজকর্মী আৰু ৰাজনৈতিকৰ কৰ্মত কিছু খেলিমেলি। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা কিছু অশান্তিৰ কাৰক হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত কিছু অশান্তি কাৰক। মনৰ সুস্থতা থকাৰ লগতে প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা-চৰ্চা অব্যাহত থাকিব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।
মীনঃ মীন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। পাৰিবাৰিক দিশত কিছু অশান্তি হ’ব পাৰে। প্ৰেমত শুভ । শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা আঁতৰ হ’ব। সাহিত্য, সংস্কৃতিৰ লগত জড়িতসকলৰ সুখ-শান্তি বৃদ্ধিৰ যোগ। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত কষ্টৰ মাজতো লাভৰ যোগ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ।