মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজি পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তিৰ যোগ দেখা যায়। মানসিক অশান্তিও হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক। শিক্ষার্থীৰ উৎকণ্ঠা বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নতি কাৰক। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত সামান্য উন্নতি হ’ব।
বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজি শাৰীৰিক দিশত শুভ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি লাভ। শিক্ষাৰ্থীৰ নতুন চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীয়ে কিছু সফলতা পাব। আর্থিক, কর্ম আৰু বাণিজ্যত কিছু উন্নতি হ’ব।
মিথুনঃ মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজি শাৰীৰিক দিশত শুভ কাৰক। শত্ৰুৰ পৰা অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতি কাৰক যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ কিছু সফলতা লাভ। কর্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।
কৰ্কটঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ পীড়া হ’ব পাৰে। সন্তানৰ পৰা সুখ লাভৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত মধ্যম। শিক্ষার্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু আর্থিক লাভ হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকতা শুভ কাৰক।
সিংহঃ সিংহ ৰাশিৰ জাতক-জাতিকাৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ মনৰ উদ্বিগ্নতা বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু উন্নতি কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ কিছু বাঢ়িব।
কন্যাঃ কন্যা ৰাশিৰ জাতক-জাতিকাৰ আজি শৰীৰ আৰু মনৰ অসন্তুষ্টি থাকিব। প্রেম প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক। আর্থিক, বাণিজ আৰু কৰ্মত কিছু লাভজনক হ’ব।
তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাৰ আজি শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, প্রেম আৰু পাৰিবাৰিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত হতাশাগ্রস্ত হ’ব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ অশান্তি হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আজিৰ আগবেলাৰ পৰা শৰীৰৰ বাবে শুভ যদিও মনৰ অস্থিৰতা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত কিছু অশান্তি থাকিব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ মানসিক চিন্তা বুদ্ধি হ’লেও উন্নতিৰ যোগ। সাংবাদিক আৰু সমাজকর্মত যুক্তসকলৰ কষ্ট হ’ব পাৰে। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু শুভ ফল।
ধনুঃ ধনু ৰাশিৰ জাতক-জাতিকাৰ আজি শাৰীৰিক শুভ। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শিক্ষার্থী, শিল্পীৰ মনৰ উৎসাহ বাঢ়িব। ৰাজনীতিকৰ সম্মান লাভৰ কাৰক। বুদ্ধিজীৱী, সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিকত উন্নতি হ’ব।
মকৰঃ মকৰ ৰাশিৰ জাতক-জাতিকাৰ আজি পুৱাৰে পৰা শৰীৰৰ অশান্তি কাৰক। আর্থিক লাভে মনৰ শাস্তি বঢ়াব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অস্থিৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। কর্মক্ষেত্র আৰু বাণিজাত লাভ বাঢ়িব।
কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শান্তি লাভ হ’ব। শিক্ষার্থীৰ মনত কিছু দুশ্চিন্তা হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰো উন্নতিৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিকত কিছু লাভদায়ক হ’ব।
মীনঃ মীন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ পুৱাৰে পৰা শৰীৰৰ কিছু অশান্তি থাকিব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী আৰু শিল্পীৰ সফলতাৰ যোগ যদিও অশান্তিও থাকিব। সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ সামান্য উন্নতি কাৰক হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব পাৰে।