মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত কিছু অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ বুজাবুজিৰ অভাৱত মানসিক অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক উন্নয়ন হ’ব।
বৃষঃ বৃষ ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক। ঘৰুৱা অশান্তিয়ে মানসিক অস্থিৰতা বঢ়াব পাৰে। প্রেম-প্রীতিত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকৰ্মীৰ উন্নতি কাৰক। কৰ্ম আৰু বাণিজ্যত কিছু উপার্জন বাঢ়িব।
মিথুনঃ মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শাৰীৰিক ভাৱে সুস্থ থাকিব। মানসিক দিশত অলপ চিন্তা হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা-ভাবনা বঢ়াৰ যোগ। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ কিছু মনোকষ্টত ভুগিব। ৰাজনৈতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতা থাকিব। মনৰ অশান্তি কিছু বাঢ়িব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎসাহ-উদ্দীপনা বাঢ়িব। সাহিত্য সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ আৰ্থিক নাটনিত অশান্তি হ’ব। ৰাজনীতি আৰু সমাজসেৱাত জড়িতসকলৰ ব্যস্ততা বাঢ়িব।
সিংহঃ সিংহ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত হ’ব। ক্রীড়া, সাহিত্য সংস্কৃতিত যুক্তসকলৰ পৰিশ্ৰম বৃদ্ধি কাৰক। সমাজকর্মী আৰু ৰাজনৈতিকৰ কৰ্মত কিছু স্থবিৰতাৰ যোগ।
কন্যাঃ কন্যা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা থাকিব। মানসিক অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ নতুনকৈ চিন্তা-ভাবনা বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰে যুক্তসকলৰ নতুন কৰ্মত নিয়োজিত হ’ব পাৰে। প্ৰেম-প্ৰীতিত শুভ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি কাৰক।
তুলাঃ তুলা ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক শুভাশুভ মিশ্ৰিত কাৰক। মনৰ উৎসাহ বাঢ়িব। প্রেম-প্রীতিত কিছু মনোমালিন্য হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিকতা সুদৃঢ় হোৱাৰ যোগ। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ শুভ। বাণিজ্য আৰু কৰ্মত সামান্য উন্নতিৰ কাৰক।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ। পৰিয়ালত অশান্তি আৰু দুশ্চিন্তা হ’ব পাৰে। শিক্ষার্থীৰ মনত কিছু অসন্তুষ্টি থাকিব। শিল্পী-সাহিত্যিকৰ নতুনকৈ চিন্তা বৃদ্ধি পাব। ৰাজনীতি আৰু সমাজকৰ্মত যুক্তসকলৰ শুভ। আর্থিকত মধ্যমীয়া। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ’ব।
ধনুঃ ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। আত্মীয়ৰ বাবে মানসিক অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষা ক্ষেত্ৰত সফলতা লাভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ উন্নতি। ৰাজনৈতিকৰ লাভৰ যোগ। কৰ্ম আৰু বাণিজ্যত কিছু শুভ হ’ব যদিও আর্থিক দিশত অশুভ।
মকৰঃ মকৰ ৰাশিসকলৰ আজি শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত সুখ-শান্তিৰ কাৰক। শিক্ষার্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ সফলতাত বাধাই দেখা দিব পাৰে। কর্মক্ষেত্র বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়ন ক্ষেত্ৰত দুশ্চিন্তা হ’ব পাৰে। সাহিত্য- সংস্কৃতি, ক্রীড়াৰ লগত জড়িতসকলৰ উন্নতি কাৰক। আর্থিক ক্ষেত্ৰত কিছু চিন্তা বাঢ়িব। কর্মক্ষেত্ৰ আৰু বাণিজ্যত অলপ লাভৱান হ’ব।
মীনঃ মীন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ অস্থিৰতাও বৃদ্ধি হ’ব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সুযোগ লাভৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ বাবে শুভ। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। কৰ্ম আৰু বাণিজ্যত শুভ।