মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ হ’ব। মনৰ সুখ শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ ব্যস্ততা বাঢ়িব। শিল্পী, সাহিত্যিকৰ কৰ্মৰ প্ৰতি আগ্রহী হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ মনত সন্দেহ আহিব। কৰ্ম আৰু আর্থিক দিশত শুভ ফল পাব।
বৃষঃ বৃষ ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। মনৰ অশান্তি কিছু থাকিব পাবে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত কিছু বাধা হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ অস্থিৰতা বাঢ়িব। কৰ্ম, আর্থিক আৰু ব্যৱসায়ত লাভৱান হ’ব।
মিথুনঃ মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰ সামান্য ৰোগাক্রান্ত হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। বিদ্যাৰ্থীৰ ব্যস্ততা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক হ’ব। ৰাজনৈতিকৰ লাভৰ যোগ। আর্থিকত তথা বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব।
কর্কটঃ কৰ্কট ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মনৰ অসন্তুষ্টি লাভ। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ দুশ্চিন্তা বাঢ়িব। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত শুভ।
সিংহঃ সিংহ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰৰ কিছু অশান্তি থাকিব পাৰে। প্ৰেম আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উদ্যম বাঢ়িব। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ বাবে শুভ। কৰ্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ ফল লাভ কৰিব।
কন্যাঃ কন্যা ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ দেখা যায়। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকতো শুভ কাৰক হ’ব। শিক্ষার্থীয়ে আশা কৰা মতে ফল লাভ কৰিব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।
তুলাঃ তুলা ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া। বিদ্যাৰ্থীৰ অধ্যয়নত উৎসাহ বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ কৰ্মত শুভ । আর্থিক দিশত শুভ হোৱাৰ লগতে বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত সামান্য পেটৰ ৰোগ হ’ব পাৰে। মানসিক অশান্তি হ’ব, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ শুভ। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ কিছু উন্নতি হ’ব। ৰাজনীতি আৰু সংবাদকর্মীৰ উন্নতি কাৰক। কৰ্ম আৰু বাণিজ্যত লাভবান হ’ব।
ধনুঃ ধনু ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু সময়ৰ অপচয় হ’ব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ কিছু আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধি পাব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৱান হ’ব।
মকৰঃ মকৰ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক ভাৱে শুভ। মনৰ কিছু অশান্তি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত শুভ দেখা যায়। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ উন্নতিমূলক যোগ। ৰাজনৈতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সফলতাৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক। ৰাজনীতিকৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আর্থিকত শুভ কাৰক।
মীনঃ মীন ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীয়ে নতুন কৰ্মৰ সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত লাভ বৃদ্ধি পাব।