মেষ ৰাশি: দিনটো প্ৰায় সফল হʼব। জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা ভাল হʼব৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব।
বৃষ ৰাশি: খং ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। পৰচৰ্চাৰ পৰা নিজকে আঁতৰত ৰখা উচিত। বিয়লিলৈ প্ৰায় ভাল হʼব৷ কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে৷
মিথুন ৰাশি: বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত সুন্দৰ সময় কটাব পাৰিব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে৷ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়ী হ’ব। পৰিক্ষাৰ্থীসকলৰ বাবে সফলতাৰ সময়। শৰীৰ ভালে থাকিব।
কৰ্কট ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে। পৰচৰ্চা কৰাৰপৰা আঁতৰি থকা উচিত৷ প্ৰতিভা ব্যৱহাৰ কৰিব পাৰিব৷
সিংহ ৰাশি: সমাজত জনপ্ৰিয়তা বৃদ্ধি হ’ব৷ কষ্টৰ ফল লাভ কৰিব। প্ৰিয়জনৰ লগত থকা বাদ-বিবাদ সোনকালে শেষ কৰিব পাৰিব। ব্যৱসায়ত লাভ।
কন্যা ৰাশি: নিজৰ সৌন্দৰ্যত মনোযোগ দিব৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত। খৰচ বৃদ্ধি হʼব পাৰে৷ ব্যৱসায়ত সফল।
তুলা ৰাশি: দিনটো শুভ। মানসিক শান্তি আৰু স্থিৰতা ঘৰতে লাভ কৰিব। সুন্দৰ সাজ-পাৰে সকলোকে মোহিত কৰিব। ভাল খবৰ পাব পাৰে। প্ৰতিদ্বন্দীৰ লগত জয়ী হ’ব।
বৃশ্চিক ৰাশি: হাতত যি আছে তাতে সন্তুষ্ট থাকক। সম্পত্তিৰ বিষয়ৰ কাগজত চহী কৰোতে বিশেষ সাবধান হ’ব৷ বেয়া বুদ্ধি নল’ব ৷ সৰু-সুৰা অসুখত পৰিব পাৰে।
ধনু ৰাশি: স্বাস্থ্য ভালে থাকিব৷ পৰিয়ালৰ লগত আনন্দপূৰ্ণ মূহুৰ্ত উপভোগ কৰিব পাৰিব। বেছি কষ্ট নকৰাকৈয়ে ফল লাভ কৰিব। আক্ৰমনাত্মক ভাৱ আঁতৰ কৰক৷
মকৰ ৰাশি: গ্ৰহৰ দশা ভাল হ’ব। চিন্তামুক্ত হ’ব আৰু দিনৰ শেষত শান্তিৰে শুব পাৰিব। শৰীৰ ভালে থাকিব৷ জনপ্ৰিয়তা বৃদ্ধি পাব।
কুম্ভ ৰাশি: প্ৰেমত শুভ৷ বিবাহিত আৰু অবিবাহিতৰ বাবে ভাল দিন। মন ৰোমাঞ্চকৰ হৈ পৰিব।
মীন ৰাশি: সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় শুভ ৷ অধিক ধন উপাৰ্জন কৰিব ৷ লক্ষ্যত উপনীত হʼব।