হেডলাইন৮ বিশেষঃ চনটো আছিল ইংৰাজী ২০০০- তাৰিখটো পাহৰিছো৷ সেইদিনা ভূপেনদা ব্যস্ত আছিল শ্বিলঙত৷ অপ্ৰত্যাশিতভাৱে বহুদিনৰ বিৰতিৰ পিছত ভূপেনদাই এটা ফোন পালে পুৰণি বন্ধু যশস্বী চিত্ৰশিল্পী এম এফ হুছেইনৰ পৰা ‘‘ভূপেনজী! আপকো আচমান মে ধুন্দা, জমীনমে ধুন্দা, লেকিন মেঘ-আলয় মে মিলা বহুত কোশিশকে বাদ৷’’
ভূপেনদা আৰু এম এফ হুছেইনৰ বন্ধুত্ব বহু পুৰণি৷ ভূপেনদা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ ১৯৫৫ চনত তাহানিৰ ছোভিয়েট ৰাছিয়াৰ হেলচিংকিত আয়োজন কৰা ‘বিশ্ব শান্তি সন্মিলন’ত ভাৰতবৰ্ষৰ প্ৰতিনিধি হিচাপে ড০ মেঘনাদ সাহা সমন্বিতে এটি দলৰ সদস্য হৈ ভূপেনদা আৰু এম এফ হুছেইনেও অংশগ্ৰহণ কৰিছিল৷ সেই উপলক্ষে আয়োজন কৰা এটি ভোজমেলৰ সন্ধ্যাত ভূপেনদাই এটি কবিতাৰে সকলোকে আপ্যায়িত কৰিছিল৷ সেই ভোজমেলতেই এজন দীৰ্ঘদেহী ক্ষীণকায় ডেকাই খাবলৈ দিয়া বিভিন্ন ব্যঞ্জনৰ পৰা ভিন ভিন ৰং বুটলি লৈ- পদিনাৰ চাটনিৰ সেউজীয়া, ডাইলৰ হালধীয়া আদি ৰঙেৰে এখন বগা ৰূমালত বৰ্গক্ষেত্ৰকাৰ আকাৰৰ অগতানুগতিক এখন ছবি আঁকি উপহাৰ দিছিল৷
তেওঁৱেই আছিল এম এফ হুছেইন৷ চিত্ৰকলাৰ প্ৰতি দুৰ্বলতা থকা ভূপেনদা তেওঁৰ চিত্ৰকৰ্মৰ প্ৰেমত পৰিল আৰু ভূপেনদাৰ কবিতাৰ প্ৰেমত পৰিল হুছেইন চাহাব৷ সেয়াই যি আৰম্ভণি৷ এক চিৰস্থায়ী নিঃস্বাৰ্থ বন্ধুত্বই গঢ় ল’লে দুয়োৰে মাজত৷ ভূপেনদাৰ গীতৰ অনুৰাগী এম এফ হুছেইন এবাৰ এখন অটোৰিক্সাত উঠি ভূপেনদাৰ নিজৰাপাৰৰ ঘৰটো চাবলৈ ওলাইছিলহি ভূপেনদা নথকা অৱস্থাত৷
ভূপেনদাই সুধিলে, ‘‘হুছেইন চাহাব! কওকচোন মই কি সহায় কৰিব পাৰো আপোনাক?’’ অন্য কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে হুছেইন চাহাবে ‘‘ভূপেনজী! মই ‘গজগামিনী’ নামৰ এখন হিন্দী কথাছবি নিৰ্মাণ কৰিবলৈ ওলাইছো৷ সেই ছবিৰ সংগীত পৰিচালনা আপুনি কৰিব লাগিব৷’’ ৰসিক ভূপেনদাই ‘‘আপোনাৰ ছবিত নায়িকা হিচাপে মাধুৰী থাকিবনে?’’ বুলি সোধাত একে আষাৰে হুছেইন চাহাবে ‘‘নিশ্চয় থাকিব৷ মাধুৰী মোৰ ছবিৰ নায়িকা’’ বুলি জনোৱাৰ লগে লগে ভূপেনদাই ‘‘তেতিয়াহ’লে মই আপোনাৰ ছবিৰ সংগীত পৰিচালনা কৰিম’’ বুলি সন্মতি প্ৰদান কৰিলে কোনো ধৰণৰ ব্যৱসায়িক দিশ সম্পৰ্কীয় কথা-বতৰা আলোচনা নকৰাকৈ৷ সেইখিনি সময়ত মুম্বাইৰ ছবি জগতত হুছেইন চাহাব মাধুৰী দীক্ষিতৰ প্ৰেমত বন্দী বুলি মুখৰোচক গুজব ওলাইছিল৷
বহুদিনৰ আগতে হুছেইন চাহাবে এযোৰ জোতাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিছিল৷ সুদীৰ্ঘ বিৰতিৰ পিছত ‘গজগামিনী’ নিৰ্মাণ কৰিবলৈ ওলাই ভূপেনদাক সংগীত পৰিচালনাৰ দায়িত্ব দিবলৈ ওলোৱাত ভূপেনদাই সুধিলে ‘‘মুম্বাইৰ ছবিজগতত ইমান নামী-দামী মহান সংগীত পৰিচালক থাকোতে আপোনাৰ ছবিৰ বাবে মোক কিয় নিৰ্বাচন কৰিলে?’’ প্ৰত্যুত্তৰত এম এফ হুছেইনে ক’লে- ‘‘ভূপেনজী! আপুনি গীতেৰে ছবি আঁকে আৰু মই ছবিৰে গীত গাব খোজোঁ- সেইবাবে৷’’
গুণীয়ে গুণীৰ মোল বুজি পোৱাৰ এক জ্বলন্ত উদাহৰণ আছিল উক্ত ঘটনাটি৷
ভূপেনদাই প্ৰাণ ঢালি ‘গজগামিনী’ৰ মুখ্য গীতটিত কণ্ঠ নিগৰালে আৰু মাধুৰী দীক্ষিতে গীতটিৰ তালে-তালে নৃত্য কৰিলে৷
‘‘গজগামিনী! প্ৰিয়া! প্ৰিয়া!
তু হে মনমোহিনী
চঞ্চলসী কোমলসী
তুহি তো হে গগন/তুহি হে ধৰতী
অংগ অংগ তেৰে/সময় সৃষ্টি
তুহি ভোৰ তুহি য়ামিনী…’’
দুয়োৰে বন্ধুত্বৰ এনাজৰীডাল দৃঢ়ৰ পৰা দৃঢ়তৰ হ’ল গজগামিনীৰ জৰিয়তে৷ ২০০১ চনৰ ৮ ছেপ্টেম্বৰত মুম্বাইৰ অসম এছ’চিয়েছনে উদযাপন কৰা ৭৫ বছৰীয়া ভূপেনদাৰ জন্মদিনত সোঁশৰীৰে উপস্থিত হৈ জন্মদিনৰ ওলগ জনাই একেলগে ভূপেনদাৰ লগত কেক কাটিছিল যশস্বী চিত্ৰশিল্পী এম এফ হুছেইন চাহাবে৷
লেখক পৰিচিতিঃ
শ্ৰী কমল কটকীয়ে বৰ্তমানে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিল অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ জীৱনৰ বহু সময় তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ গীতত বাদ্য সংগত কৰি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে৷ Bhupenda: Bard of the Brahmaputra শীৰ্ষক গ্ৰন্থখনৰো তেওঁ সহ-লিখক৷