শেহতীয়াকৈ নতুন তথ্য প্ৰযুক্তি আইন ২০২১ ৰ নীতি-নিয়ম মানি চলিবলৈ অসমৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত টুইটাৰে ইয়াৰ আইনী সুৰক্ষা কবচ হেৰুৱাইছে।
আইনী সুৰক্ষা কবচে সামাজিক মাধ্যম মধ্যস্ততাকাৰী (Social Media Intermediaries)ক চেকশ্যন ৭৯ ৰ অধীনত সুৰক্ষা প্ৰদান কৰে। এই আইনী সুৰক্ষা কবচ হেৰুওৱাৰ পিছত টুইটাৰ ইয়াৰ মাধ্যমত প্ৰচাৰিত যিকোনো সমলৰ বাবে দায়বদ্ধ হ’ব। এইক্ষেত্ৰত টুইটাৰৰ ওপৰত ঠিক সেইখিনিয়েই বাধ্যবাধকতা থাকিব যিমানখিনি থাকে এক প্ৰকাশন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত।উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰী ২০২১ ত কোম্পানী আৰু অন্য প্ৰতিষ্ঠনসমূহক নৈতিকতাৰ নতুন নীতিসমূহ সামাজিক মাধ্যম বা OTT প্লেটফৰ্মত মানি চলিবলৈ তথ্য প্ৰযুক্তি আইন ২০২১ ৰ অধীনত নিৰ্দেশ দিয়া হৈছিল। সামাজিক মাধ্যম, ডিজিটেল সংবাদ মাধ্যম আৰু OTT প্লেটফৰ্মৰ বৃহৎ প্ৰতিষ্ঠান যেনে Facebook, Google, WhatsApp, Koo আদিয়ে এই নতুন নিৰ্দেশনা মানি লৈছিল। পিছে এইক্ষেত্ৰত টুইটাৰ আছিল ব্যতিক্ৰম। চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পিছতো একপ্ৰকাৰ প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈ টুইটাৰে এই সমূহ নিৰ্দেশনা উলংঘা কৰি গ’ল।সমান্তৰালভাৱে টুইটাৰে নতুন আইনখন ভাৰতীয় মানুহৰ বাক স্বাধীনতাৰ অধিকাৰৰ পৰিপন্থী বুলি ভুৱা প্ৰচাৰ চলাই মানুহক বিভ্ৰান্ত কৰি যায়।ইয়াৰ উত্তৰত চৰকাৰে কয়- – ‘ ভাৰতত বাক স্বাধীনতা সুৰক্ষিত কৰাটো টুইটাৰৰ দৰে ব্যক্তিগত মালিকাধীন তথা লাভ আদায়কাৰী বিদেশী প্ৰতিষ্ঠানৰ বিশেষাধিকাৰ নহয়।এয়া ভাৰতীয় সংবিধানৰ অন্তৰ্গত মৌলিক অধিকাৰ আৰু এই বাক স্বাধীনতাৰ সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে দেশত চৰকাৰ আৰু ন্যায়িক ব্যৱস্থা আছে’।
নিজকে মুক্ত বাক স্বাধীনতাৰ ৰক্ষক তথা সত্যৰ বিচাৰক হিচাপে দাবী কৰা টুইটাৰৰ বিভ্ৰান্তিকাৰী স্থিতি বিভিন্ন সময়ত প্ৰাকাশ পাই আহিছে।প্ৰতিষ্ঠানটোৱে ইয়াৰ নীতি নিৰ্দেশনা নমনাৰ অপৰধত কেইবাটাও একাউণ্ট নিলম্বিত কৰিছে, বহু একাউণ্ট আকৌ স্থায়ীভাৱে আঁতৰাই পেলাইছে।
উদাহৰণস্বৰূপে-
১) মনোজ সিনহা (জম্মু কাশ্মীৰৰ লেফটেণেণ্ট গৱৰ্ণৰ)- – একাউণ্ট নিলম্বন কৰা হৈছিল।
২)অমিত শ্বাহৰ প্ৰফাইল বন্ধ কৰি থৈছিল।
৩)কংগনা ৰাণাৱতৰ একাউণ্ট আঁতৰাই পেলাইছিল।
৪) ডোনাল্ড ট্ৰাম্পৰ একাউণ্ট চিৰস্থায়ীকৈ আঁতৰাই পেলাইছিল।
৫)নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মোহম্মাদু বুহাৰিৰ একাউণ্ট নিলম্বন কৰিছিল।
৬) উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ একাউণ্টৰ নীলা প্ৰতীক আঁতৰাই পেলাইছিল।
সেয়ে চৰকাৰে বৃহৎ প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ মঞ্চসমূহক নিয়ন্ত্ৰিত কৰিবলৈ বিচৰাৰ পৰতে এয়া বিকল্প বিচৰাৰো সময় যাতে লক্ষ কোটি ডলাৰ আয় কৰা প্ৰতিষ্ঠানসমূহে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনক নিৰ্দেশ দিয়াৰ দু:সাহস পুনৰাই কৰিব নোৱাৰে।
আৰু ভাল খবৰ এয়াই যে আমাৰ ওচৰত এতিয়া আছে আমাৰ নিজৰ দেশীয় এপ KOO । এই এপটো আমাৰ মাজলৈ আহিছে টুইটাৰৰ যোগ্য বিকল্প হিচাপে।অপ্ৰামেয় ৰাধাকৃষ্ণন আৰু মায়ংক বিদ্বাতকা নামৰ দুই ভাৰতীয়ই আৰম্ভ কৰা এপটোৱে ইতিমধ্যে টুইটাৰে হেৰুওৱা ক্ষেত্ৰখন দখল কৰি লৈছে।নাইজেৰিয়া চৰকাৰেও চৰকাৰীভাৱে এপটোৰ পৃষ্ঠপোষকতা কৰিছে । ভাৰততো ই জনপ্ৰিয় হৈছে। নিশ্চিতভাৱে এটা সময় আহিব যেতিয়া KOO হৈ পৰিব টুইটাৰতকৈ বৃহৎ টুইট।
————————————————————————————————————————————-
লেখক পৰিচিতিঃ অঞ্জন গগৈ পেছাত এগৰাকী বৈদ্যুতিক অভিযন্তা। তেওঁ গুৱাহাটী মহানগৰীৰ এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীও।