ভয়াৱহ মহামাৰীয়ে বিভিন্ন জনৰ জীৱনলৈ কঢ়িয়াই আনিলে নানান সংকট । এই সময়চোৱাত বিভিন্ন ধৰণে অসমৰ যুৱকসকলে স্বাৱলম্বিতাৰ পথ বাচি উলিয়াইছে । শিল্পীৰ পৰা অভিনেতালৈ সকলোৱে নিজ নিজ বিকল্প জীৱিকাৰ পথ বাচি লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
এই ভয়ৱহ সময়ৰ এক উদাহৰণ হ’ল মৃণাল ৰাভা । অসমৰ গোৱালপাৰা জিলাৰ এজন শিল্পী মৃণাল ৰাভা । ২০২১ চনৰে পৰা তেওঁ কৃষিকৰ্মৰ লগত জড়িত হৈছিল আৰু কৃষিত মনোনিৱেশ কৰিছিল ।
প্ৰথমে ৪.৫ বিঘা মাটিত ষ্ট্ৰবেৰীৰ খেতি আৰম্ভ কৰিলে এই যুৱকজনে। প্ৰথম অৱস্থাত তেওঁ উৎপাদন কৰিলে ৫.৫ টন ষ্ট্ৰবেৰী । ৩৮ বছৰীয়া মৃণাল ৰাভা পেছাত এগৰাকী শিক্ষকো । তেওঁ গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত কৰ্মৰত যদিও ২০২১ চনৰ লক ডাউনৰ সময়তেই তেওঁ এই কৃষিকৰ্ম আৰম্ভ কৰিলে । অনলাইন শিক্ষাৰ মাজতে ৰাভাই এই পথ বাছি ল’লে ।
জানিব পৰা মতে, প্ৰথমে হিমাচল প্ৰদেশৰ পৰা অনা বীজ আৰু স্থানীয় জিলা কৃষি বিভাগৰ পৰা লাভ কৰা বীজ ৰোপণ কৰা আৰম্ভ কৰিলে তেওঁ । বৰ্তমান ৬.৩ বিঘা মাটিত এই খেতি কৰিছে । পৰৱৰ্তী সময়ত তেওঁ জিলা কৃষি বিভাগৰ পৰা ২০০০ টা পুলি বিনামূলীয়াকৈ লাভ কৰিলে ।
ষ্ট্ৰবেৰী খেতিৰ উপৰিও বাহিৰৰ পৰা অনা উন্নত মানৰ বিভিন্ন ধৰণৰ বগৰী,অপেলৰো পৃথকে খেতি কৰিছে ৰাভাই ।
প্ৰথম বছৰ ৪ বিঘা মাটিত উৎপাদন হোৱা ফলৰে ৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান ফচল আৰম্ভ হৈছে । এই খেতিত ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ শেষৰ ফাললৈ ফল উৎপাদন হয় ।
এগৰাকী কণ্ঠশিল্পী হিচাপেও এই গৰাকী যুৱকে ব্যতিক্ৰমী চিন্তাৰে খেতিত মনোনিত হোৱাৰ বাবেই সকলোৱে তেওঁক প্ৰশংসা কৰিছে । পৰিচিত মৃণাল ৰাভাৰ এই পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে । লগতে তেওঁ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।