নমস্কাৰ৷ মোৰ নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মোৰ এটা ভয়ানক ৰেল দুৰ্ঘটনা হৈছিল৷ এই দুৰ্ঘটনাত মোৰ ৰাজহাড় আঘাতপ্ৰাপ্ত বোৱাৰ লগতে সোঁহাতখনৰ কিলাকূটিটো প্ৰায় গুড়ি হৈ গৈছিল৷ চাৰি দিন গুৱাহাটীৰ জি.এন.আৰ.চি. ত থকাৰ পাচত মোক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ ছাৰ গংগাৰাম হাস্পাতাললৈ লৈ যোৱা হ’ল৷ কেইবাটাও গুৰুতৰ অস্ত্ৰোপচাৰ আৰু চিকিৎসকসকলৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত জীৱনটো ঘূৰাই পাওঁ যদিও সোঁহাতখন সম্পূৰ্ণভাৱে অকামিলা হৈ যায়৷ প্ৰায় দুমাহৰ মূৰত পেৰেলাইচিচ হৈ থকা অৱস্থাতে হুইল চেয়াৰত বহি ঘৰলৈ উভটি আহোঁ৷ অহাৰ পাচৰে পৰা প্ৰায় দুবছৰ দিন ধৰি উৎপল বৰা আৰু ডা প্ৰণৱকল্প হাজৰিকাৰ ওচৰত ফিজিওথেৰাপী লৈ আছিলো যদিও ইয়াৰ মাজতে চিকিৎসকৰ পৰামৰ্শমতে, ছাৰ গংগাৰাম হাস্পাতাললৈ গৈ সাতটা অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাচত লাহে লাহে সুস্থ হ’বলৈ আৰম্ভ কৰোঁ৷
মোৰ লগতে মোৰ আমাৰ পৰিয়ালৰ তেনে এটা দুৰ্যোগৰ সময়ত দিল্লীৰ চিকিৎসক, নাৰ্চ, ৱাৰ্ডবয়, চাফাই কৰ্মী, পৰিয়ালৰ আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, শুভাকাঙ্খীসকলে যি সহমৰ্মিতা দেখুৱালে, তেখেতসকলৰ চেষ্টা, আশীৰ্বাদ আৰু প্ৰাৰ্থনাত মৃত্যুমুখী মই কেনেকৈ জীৱনমুখী হৈ পৰিলো, তাৰে কৃতজ্ঞতা স্বৰূপে মই লিখা ‘মই অনুভৱ’ কিতাপখন ২০১৪ চনত অসম পাব্লিচিং কোম্পানীয়ো প্ৰকাশ কৰি উলিয়ায়৷ মোৰ নিচিনা কোনো দিনেই লিখা-মেলা নকৰা ল’ৰা এজনৰ কিতাপ এখন প্ৰকাশৰ যোগ্য বুলি বিবেচনা কৰা বাবে অসম পাব্লিচিং কোম্পানীৰ স্বত্বাধিকাৰী শ্ৰী সঞ্জয় সান্যাল দাদাৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ’ম৷ উল্লেখযোগ্য যে কিতাপখন প্ৰকাশ হোৱাৰ পাচতে বিশিষ্ট কথা-সাহিত্যিক শ্ৰীযুত হোমেন বৰগোহাঞিদেৱে ‘নিউজ লাইভ’ত ‘কথা-বাৰ্তা’ শিতানত মোৰ লগত বাৰ্তালাপ কৰিছিল, সেইটো আছিল মোৰ জীৱনৰ এটি অতি আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত৷
চিকিৎসাৰ সময়খিনিত হাস্পাতালত এৰাধৰাকৈ প্ৰায় ৫ মাহ সময় থাকিবলগীয়া হৈছিল৷ নেদেখিলে কোনেও হয়তো বিশ্বাসী নকৰিব যে মোৰ জীৱনৰ অতি যন্ত্ৰণাকাতৰ সেই সময়খিনি তাৰ চিকিৎসক, নাৰ্চ, চিকিৎসা-কৰ্মীসকল লগ হৈ কেনেকৈ ‘মষ্টি’ৰ সময়লৈ ৰূপান্তৰিত কৰিছিল৷ আচলতে মই গম নোপোৱাকৈয়ে তেখেতসকলে মোক অনবৰতেই স্ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰিছিল৷ দুটামান উদাহৰণ দিলে আপোনালোকৰ বুজাত সহায় হ’ব৷ চিকিৎসালয়ৰ পৰা দিয়া আহাৰ খাই খাই আমনি লগা বুলি তেখেতসকলৰ আগত প্ৰকাশ কৰাত তেখেতসকলে পাল পাতি পাতি মোলৈ তেখেতসকলৰ ঘৰত ৰন্ধা বিভিন্নধৰণৰ খোৱা বস্তু লৈ আহিবলৈ ধৰিলে৷ কোনোবাই তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডকো মোৰ লগত চিনাকি কৰাই দিবলৈ লৈ আহে৷ এটা উল্লেখনীয় কথা যে মই প্ৰথমবাৰ গৈ যিটো ৰূমত আছিলোগৈ, পৰবৰ্ত্তী সময়খিনিতো মোক সেইটো ৰূমকে দিবলৈ কৰ্তৃপক্ষক অনুৰোধ কৰিছিলোঁ আৰু তেখেতসকলেও মোৰ অনুৰোধ ৰক্ষা কৰি সেই ৰূমটোকে (108-A) মোক দিছিল৷ ৰূমটোৰ কেইবাটাও বিশেষত্ব থকাৰ উপৰিও মোৰো বহুত স্মৃতি জড়িত হৈ আছে৷ সেইবাবে তাত থাকি মোৰ বিশেষ ভাল লাগিছিল৷ চিকিৎসাধীন হৈ থকা সময়খিনি যে কোনোবাই ইমান আনন্দ আৰু মধুৰ কটাব পাৰে আপোনালোকে হয়টো কল্পনাও কৰিব নোৱাৰিব আৰু ময়ো সেই সময়খিনিৰ উপলব্ধি ভাষাৰে প্ৰকাশ কৰি আপোনালোকক বুজাই ক’ব নোৱাৰিম৷
লাহে লাহে যেতিয়া মই সুস্থ হৈ আহিলোঁ, নিজে নিজে সেই স্মৃতিবোৰ ৰোমন্থণ কৰি উপলব্ধি কৰিলোঁ যে ঔষধ-এন্টিবায়টিকতকৈয়ো সেই সময়খিনিত ধনাত্মক চিন্তাৰে হাহিঁ ধেমালি কৰি থকা বাবেহে মই সুস্থ হৈ উঠাতো সহজ হ’ল৷ চিকিৎসালয়ৰ বিচনা, হুইল চেয়াৰত মোৰ জীৱন-সংগ্ৰাম আৰু মই পোৱা প্ৰেৰণাৰ কাহিনীবোৰ বহুতৰ আগতে কৈছোঁ৷ সকলো বৰ আচৰিত হয়৷
এদিন কথাৰ মাজতে ৰুণাবৌৰ (মোৰ জেঠাইৰ ল’ৰা, কটন কলেজৰ অধ্যাপক ৰাহুল মহন্তৰ পৰিবাৰ) আগত দুবছৰমান আগতে মোৰ এই অভিজ্ঞতাৰ কথাকৈ থাকোঁতে বৌৱে মোক ক’লে যে বিদেশত ৰোগীসকলক, বিশেষকৈ শিশুসকলক স্ফূৰ্টিত ৰাখিবলৈ কিছুমান চিকিৎসালয়ত clown ৰাখে৷ তেনে ব্যৱস্থাটোক ‘Medical clowning’ বোলা হয়৷ কথাটো শুনি মই বৰ আচৰিত হ’লো আৰু বুজি পালো যে মই গম নোপোৱাকৈয়ে ছাৰ গংগাৰাম হাস্পাতালে তেনেকুৱা মানসিকতা এটা লৈয়েই মোক চিকিৎসা কৰি পুনৰ জনম দিলে৷ সেইদিনা ঘৰলৈ আহিয়েই ইন্টাৰনেটত Medi clowning ৰ বিষয়ে সবিস্তাৰে পঢ়ি বিষয়টোৰ কেইবাটাও ভাল লগা আৰু আশ্বৰ্যজনক কথা গম পালোঁ৷
ইন্টাৰনেটৰ যোগেদি, এই বিষয়ত সফলতাৰে কাম কৰি থকা বিদেশৰ দুটামান স্বেচ্ছাসেৱী অনুষ্ঠান (যেনে Red Noses International, এটা উল্লেখযোগ্য স্বেচ্ছাসেৱী অনুষ্ঠান) ৰ লগত যোগাযোগ কৰিছিলো যদিও আমাৰ দেশত তেওঁলোকৰ কোনো শাখা নাই বুলি জানিব পাৰিলো৷ মোৰ দৃঢ় বিশ্বাস যে এনে এটা ব্যৱস্থাই ৰোগীক আৰোগ্য হোৱাত যথেষ্ট সহায় কৰিব৷
মেডি ক্লাউন একাডেমী (অৰ’ভিল)
মনৰ ভিতৰতে সেই সপোনটো পোহপাল দি জীপাল কৰি ৰাখি থৈছিলো৷ ২০১৯ ৰ শেষৰ ফালে পুনৰ সেই বিষয়টোৰ বিষয়ে খুচৰি থাকোঁতে দেখা পালো তামিলনাডুৰ SAVEETHA MEDICAL COLLEGE AND HOSPITAL ত এটা in the Art and Science of Medical Clowning (FASMC) বুলি পাঠ্যক্ৰম আৰম্ভ কৰিছে৷ লগে লগেই তালৈ ফোন কৰি মই সেই পাঠ্যক্ৰমত নাম ভৰ্তি কৰিবলৈ আগ্ৰহী বুলি জনালোঁ৷ দুৰ্ভাগ্যবশতঃ এজনো ছাত্ৰই নাম ভৰ্তি নকৰাত যোৱা বছৰটো এনেই গ’ল৷ এই বছৰো (২০২০ চনৰ) প্ৰথম দুমাহ মানলৈকো কোনেও সেই পাঠ্যক্ৰমত নাম ভৰ্তি কৰা নাই বুলি তেওঁলোকৰ ভাতৃ সংগঠন এটাৰ লগত মোক লগ লগাই দিলে৷ সেই Medi Clowning নামৰ সংস্থাটো তামিলনাডুৰ Aurrovit ত অৱস্থিত৷ তাৰ প্ৰতিস্থাপক সঞ্চালক FIFF FERNANDIZ ৰ লগত মোৰ যোগাযোগ হ’ল৷ তেওঁ বৰ্ত্তমান বিদেশৰ কোনোবা এখন ঠাইৰ কৰ্মশালাত ব্যস্ত আছে৷ গতিকে ভাৰতলৈ ঘূৰি আহিহে মোৰ লগত যোগাযোগ কৰিব৷ মোক মাথোঁ ক’লে- কেনেকৈ আৰু কিয় মই এই বিষয়ে আগ্ৰহী হ’লো তাক লিখি তেওঁলৈ মেইল কৰিবলৈ৷ গোটেইখিনি কথা যুকিয়াই লিখোঁতে মোৰ প্ৰায় এসপ্তাহমান সময় লাগিল৷ কিন্তু মোক আচৰিত কৰি মোৰ মেইল পোৱাৰ লগে লগে FIFF FERNANDIZ এ মোলৈ ফোন কৰিলে৷
মই তেওঁক জনাইছিলোঁ যে মই তামিলনাডুত প্ৰশিক্ষণ লৈ আহি গুৱাহাটীত এটা তেনে ধৰণৰ Medi Clowning ৰ academy খুলি স্থানীয় ল’ৰা-ছোৱালী প্ৰশিক্ষণ আৰু তাৰ পাচত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম৷ যিহেতুকে ভাৰতত তেনে কোনো প্ৰফেচনেল একাডেমী আজিৰ তাৰিখলৈকে নাই, গতিকে ভাল ফল দেখুৱাব পাৰিলে আমাৰ একাডেমীৰ ল’ৰা-ছোৱালীসকলে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ কাম কৰিবগৈ পাৰিব বুলি মোৰ দৃঢ় বিশ্বাসী৷ এই কথাত তেওঁ ইমানেই ভাল পালে যে তেওঁ মোক ক’লে- “তুমি আহিব নালাগে৷ আমাৰ পাঁচজনীয়া টীম এটা (য’ত দুজন কানাডাৰ, এজন জাৰ্মেনীৰ আৰু বাকী দুজন ভাৰতৰ) গুৱাহাটীলৈকে প্ৰশিক্ষণ আৰু কৰ্মশালা কৰিবলৈ আহিব৷” ২০২০ ৰ ১৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে সেই প্ৰশিক্ষণ আৰু কৰ্মশালাৰ দিন ঠিক কৰা হ’ল৷ (Fiff Farnandiz ৰ পৰা মই পোৱা চিঠিখন সংলগ্ন কৰি দিছোঁ৷)
গুৱাহাটীত হ’বলগীয়া কৰ্মশালাত ল’বলগীয়া প্ৰাৰ্থীসকলৰ কথা আলোচনা বিলোচনা কৰি থাকোতেই দেউতাই শ্ৰীযুত পৱিত্ৰ ৰাভা দাদাৰ গ্ৰুপটোৰ কথা ক’লে৷ পৱিত্ৰদা আৰু দেউতা দুয়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ, অসম আৰ্হিৰ ৪ নং ছাত্ৰাবাস (AT 4) ৰ প্ৰাক্তন আৱাসী আছিল৷ সেই ছাত্ৰাৱাসত পৰম্পৰা অনুসৰি দেউতাই পৱিত্ৰদাক নিজৰ ভাইৰ দৰে মৰম কৰিছিলো আৰু পৱিত্ৰদায়ো দেউতাক নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰেই জ্ঞান কৰিছিল৷ অতি স্পৰ্শকাতৰ আৰু মানৱীয় অনুভূতিৰে, পৱিত্ৰদায়ে কৰি অহা কামবোৰৰ বাবে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ এটা পৰিচয় আছে৷ ইমান বিখ্যাত মানুহ হৈয়ো তেখেত একেবাৰে সহজ সৰল এজন মাটিৰ মানুহ৷ সেয়েহে তেখেতক মই খুব শ্ৰদ্ধা কৰো৷
২০০৩ বৰ্ষৰ পৰা তেখেতে দাপোণ (The Mirror) নামৰ এটা সাংস্কৃতিক গোষ্ঠী এটা প্ৰতিষ্ঠা কৰি পৰিচালনা কৰি আহিছে৷ দৰং জিলাৰ টংলাৰ ওচৰৰ এখন সৰু গাঁৱত প্ৰায় ২৫ জনমান প্ৰতিভাশালী বাওনা (Vertically Challanged) ব্যক্তিক, ভাৰতৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰাই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পৱিত্ৰদাৰ “দাপোনে”৷ তেখেতসকল সকলো এতিয়া আত্মসন্মানেৰে সৈতে সমাজৰ গৌৰৱ হৈ পৰিছে৷ দেউতাৰ মুখত এই কথাখিনি শুনাৰ পাচদিনাই পৱিত্ৰদালৈ ফোন কৰি মোৰ সপোনটোৰ কথাখিনি জনালোঁ৷ তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে৷ এতিয়া মাথোঁ সপোনটোক সাকাৰ ৰূপ দিয়াৰহে কথা৷
লেখকঃ অনুভৱ মহন্ত
অনুভৱ মহন্তই বৰ্তমানে গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা ৩০০ মিটাৰ নিলগত থকা ‘আদৰ’ নামৰ এক অতিথিশালা পৰিচালনা কৰি আছে৷ তেওঁলোকে প্ৰতিজন ব্যক্তিৰ বাবে কেৱল ১৫০ টকাত এটা নিশাৰ বাবে পাকঘৰ, পানীৰ সুবিধা প্ৰদান কৰে৷ এই অতিথিগৃহ কৰ্কট ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ বাবেহে৷ বৰ্তমানে তেওঁ দুটাকৈ জেনেৰিক ঔষধৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰও পৰিচালনা কৰি আছে৷ তাৰোপৰি তেওঁ অন্য ৫টা এনেধৰণৰ কেন্দ্ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে৷
তেওঁৰ ছুটি ছবি আৰু লাভ কৰা বঁটাসমূহ
- বণ্ড (২০১১)- 3rd CineASA Guwahati International Film Festivalত শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ নিৰ্দেশনা
- হোপ (২০১২)
- ষ্ট্ৰাগলি গুৰুকুলছ (২০১৬)- EduDoc – An International Short Film Competitionত ২২০০খন চলচ্চিত্ৰৰ ভিতৰত শীৰ্ষৰ ৫ৰ ভিতৰত অন্যতম
- বাথৌ দৰ্জা খোল (২০১৬)- ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ উৎসৱত দ্বিতীয় ৰাণাৰ্ছ আপ
- গ্ৰন্থঃ
- অসম পাব্লিশ্বিং কোম্পানী (২০১৪)ৰ দ্বাৰা প্ৰকাশিত ‘‘মই অনুভৱ’’