কুলু কুলু সুৰেৰে বৈ থকা এটি শান্ত নিজৰাৰ দৰেই আছিল কুলদা মানুহজন ৷ অতিশয় অমায়িক, কাকো কেতিয়াও না বুলি ক’ব নোৱাৰা, কেতিয়াও কাৰো বদনাম ভুলতো নোকোৱা, অতিশয় কোমল অন্তৰৰ শিল্পী কুলদা যোৱা নিশা অপ্ৰত্যাশিতভাৱে গুচি গ’ল আমাৰ মাজৰ পৰা ৷
আমি চেমনীয়া হাইস্কুলত পঢ়োঁ ৷ ৰেডিঅ’ত ভাহি আহে “এইবাৰ শ্ৰোতা ৰাইজলৈ আগবঢ়াইছো কুল বৰুৱাৰ কণ্ঠৰ এটি গীত “- আমি উৎকণ্ঠাৰে ৰৈ থাকো প্ৰিয়শিল্পীজনৰ গীতটিলৈ ৷ বাজি উঠে “তেনেকৈ নাচাবা আজলী ছোৱালী / মনকে জুখিবলৈ নাই তুলাচনী” ৷ আকৌ কেতিয়াবা বাজি উঠে “জুমি জুমি চোৱা তুমি বাৰে বাৰে” ৷ অকনমান পশ্চিমীয়া সুৰ ভাৱ আৰু তাল থকা এই গীত দুটিয়ে অসমৰ আধুনিক গীতৰ জগতখনলৈ এক নতুনত্বৰ জোৱাৰ নমাই আনিছিল তাহানিয়েই ৷ ১৯৭৫ চনৰ জেউতি বৰুৱাৰ “বৃষ্টি” বোলছবিত ৰাণাদাৰ পৰিচালনাত কণ্ঠদান কৰা কুলদাৰ একক কণ্ঠৰ ভূপেনদাৰ ৰচনাৰ “কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে” আৰু জয়ন্ত হাজৰিকাৰ সৈতে কণ্ঠদান কৰা ভূপেনদাৰেই ৰচনাৰ “ৰম্ভা মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই” গীতকেইটাৰ জনপ্ৰিয়তা আজিও একেই আছে ৷ পিকনিকৰ বতৰত “ৰম্ভা মেনকা…” গীতটিয়ে সদায়েই প্ৰাণ পায় উঠে ৷ তাৰ পিছত ১৯৭৯ চনত কুল-অতুল অৰ্থাৎ কুল বৰুৱা আৰু অতুল মেধিৰ সংগীত পৰিচালনাৰ বিশেষভাৱে দুটি গীতে অসমীয়া সংগীত জগতত খলকনি তোলে ৷ পুলক গগৈ পৰিচালিত “শ্ৰীমতী মহিমাময়ী” ছবিৰ বাবে সৃষ্টি কৰা এই গীত দুটি আছিল “দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ ওলগৰে” আৰু “নীলা আকাশৰে ৰূপোৱালী পৰী, জিঞাৰে দুখনি পাখি..” ৷ কণ্ঠদান কৰিছিল ডলী ঘোষে একক কণ্ঠৰে প্ৰথমটি গীতত আৰু দ্বৈতভাৱে কুলদা আৰু ডলী ঘোষে “নীলা আকাশৰে ৰূপোৱালী পৰী, জিঞাৰে দুখনি পাখি..” গীতটিত আৰু ৰচনা আছিল ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ ৷ এসময়ত ভূপেনদাৰ লগত কঙ্গু বজাইছিল কুলদাই বহুকেইখন মঞ্চত ৷
গুৱাহাটীৰ প্ৰায় প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানত কুলদাৰ উপস্থিতি আছিল সদায়েই নিয়মীয়া ৷ যেতিয়াই য’তেই লগ পাঁও অতিশয় আন্তৰিকতাৰে কথা পাতোঁ,ঘৰ-সংসাৰৰ খৱৰ সোধে ইত্যাদি ৷ হঠাতে কুলদা নোহোৱা হোৱা খবৰটিয়ে বুকুখন গধুৰ কৰি তুলিছে ৷ অসমৰ সংগীতৰ আকাশলৈ নমাই আনিছে এচমকা ডাৱৰ ৷ কেইদিনমান আগতে সুগায়ক, একেবাৰে তৰুণ মনোৰঞ্জন গগৈৰ মৃত্যুৰ বেদনাৰ চোক কমি যাবলৈ নৌপাঁওতেই কুলদাৰ মৃত্যুৰ বাতৰিয়ে অসমৰ সাংস্কৃতিক জগতখনলৈ অতিশয় দুখৰ বতৰা লৈ আহিল ৷ সন্ধিয়াৰ আকাশৰ তৰাটিলৈ আমি চাম ‘জুমি জুমি’ আৰু তাৰ পৰাই তুমি পুনৰ গুণগুণাবা কুলদা আমালৈ সেই গীত “জুমি জুমি চোৱা তুমি ,বাৰে বাৰে বাৰে বাৰে” ৷
কুলদা তুমি য’তেই আছা আমাক আশীৰ্বাদ কৰিবা যাতে অসমীয়া সংগীত জগতৰ সুৰীয়া ধাৰাটি সুৰীয়া হৈ থাকে আজীৱন, বিজতৰীয়া সুৰে যেন গ্ৰাস কৰিব নোৱাৰে তোমালোকে কৰি থৈ যোৱাৰ দৰে অপূৰ্ব আধুনিক গীতৰ আমাৰ পৃথিৱীখন ৷
লেখক পৰিচিতিঃ
শ্ৰী কমল কটকী চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ চিভিল অভিযান্ত্ৰিক বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ৷ জীৱনৰ বহু সময় তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ গীতত বাদ্য সংগত কৰি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে ৷ Bhupenda: Bard of the Brahmaputra শীৰ্ষক গ্ৰন্থখনৰো তেওঁ সহ-লিখক ৷