হেডলাইন৮ বিশেষঃ গৌৰীপুৰীয়া ৰাজকন্যা প্ৰতিমা বৰুৱাই কলিকতাৰ ১৪ নম্বৰ বালিগঞ্জ চাৰ্কুলাৰ ৰোডত ১৯৩৪ চনৰ ১৩ অক্টোবৰত জন্ম গ্ৰহণ কৰিছিল। পিতৃ লালজী ওৰফে প্ৰকৃতিশ চন্দ্ৰ বৰুৱা আৰু মাতৃ মালতী লতা বৰুৱাৰ তিনিগৰাকী কন্যা ক্ৰমে প্ৰতিমা, পূৰ্ণিমা আৰু প্ৰতিভাৰ ভিতৰত প্ৰতিমা আটাইকেইগৰাকীতকৈ ডাঙৰ আছিল। ১৯৬৯ চনত শ্ৰী গংগাধৰ পাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ প্ৰতিমা বৰুৱা পাণ্ডে হয়।
১৯৫৫ চন। ভূপেনদাই ‘ মাহুত বন্ধুৰে ‘ কথাছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈ পোন প্ৰথমবাৰৰ বাবে গৌৰীপুৰলৈ আহে। ভূপেনদাক ৰাজবাৰীলৈ নিমন্ত্ৰণ জনালে প্ৰকৃতিশ চন্দ্ৰ বৰুৱাই এখন জলসাৰ আয়োজন কৰি। সেই জলসাত ভূপেনদাই কেইটিমান গীত পৰিবেশন কৰিলে। তাৰ পিছত পাল পৰিল প্ৰতিমা বৰুৱাৰ। প্ৰতিমা বৰুৱা তেতিয়া ২০ বছৰীয়া গাভৰু ছোৱালী। ভূপেনদাৰ সম্মুখত গীত গাব লগা হোৱাত ভূপেনদাৰ ভাষাত “লাজতে ৰঙা-চিঙা পৰি নখে মাটি লেখাৰ অৱস্থা “। পিতৃ লালজীয়ে প্ৰতিমাক নিজৰ গীত গাবলৈ কোৱাত লাজ লাজকৈ তিনিটা গীত ” হস্তীৰ কন্যা হস্তীৰ কন্যা বামোনেৰো নাৰী”, “ও মোৰ ভাবৰে দেওৰা ” আৰু “সোণাৰ বৰন পাখী ৰে তোৰ” পৰিৱেশন কৰিলে। প্ৰতিমা বৰুৱাই কণ্ঠ আৰু মাটিৰ সুৰৰ গীতৰে ভূপেনদাৰ হৃদয় জয় কৰিলে। তাৰ পিছত ১৯৫৫ চনত ‘এৰাবাটৰ সুৰ’ বোলছবিৰ বাবে কলিকতাৰ HMV ত প্ৰতিমা বৰুৱাৰ কণ্ঠৰে দুটি গীত ক্ৰমে ‘ডাং নৰি ডাং’ আৰু ও বিৰিখ শিমলাৰে ‘ বাণীবন্ধন কৰোৱায়। কলিকতাৰ HMV তে পুনৰ প্ৰতিমা বৰুৱাৰ স’তে ভূপেনদাই দ্বৈত কণ্ঠত নিজৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ গোৱালপাৰীয়া লোকগীতৰ ৰেকৰ্ড কৰে পৰৱৰ্তী সময়ত। গৌৰীপুৰীয়া ৰাজকন্যাক ভূপেনদাই এক নতুন চিনাকি ‘হস্তীৰ কন্যা’ নামেৰে অসমত তথা পশ্চিমবংগৰ শ্ৰোতাৰ আগত পৰিচয় কৰাই দিলে আৰু লগে লগে গীতখিনি ‘গোৱালপৰীয়া লোকগীত ‘ হিচাবে প্ৰতিষ্ঠিত হ’ল। এই সম্পৰ্কত প্ৰতিমা বৰুৱাই নিজ মুখে “এই গীত গুলা গোৱালপৰীয়া লোকগীত বুলিয়া নামাকৰণ কৰাৰ ক্ষেত্ৰত ভূপেনদাক অস্বীকাৰ কৰা যাবাৰ নাহয়” বুলি স্বীকাৰ কৰি থৈ গৈছে। ২০২০ চন। জি এন আৰ চি হাস্পতালত জীৱনৰ শেষ মূহুৰ্তটিত প্ৰতিমা বাইদেউ অধীৰ আশাৰে অপেক্ষা কৰি ৰৈ আছিল ভূপেনদাক এবাৰ চাবলৈ। ২৬ ডিচেম্বৰৰ পুৱা ১১ মান বজাত ভূপেনদা ওলাইছিল গৈ জি এন আৰ চি ত প্ৰতিমা বৰুৱাক জীৱন যুঁজত সাহস দিবলৈ নিচেই কাষৰ পৰা। দুয়োৰে চাৰি চকুৰ যি মিলন ঘটিছিল, সেই মিলন আছিল যেন চিৰ-বিৰহৰ প্ৰতীক। তাৰ ঠিক এদিন পিছতেই ২৭ ডিচেম্বৰত বাইদেৱে ইহলীলা সম্বৰণ কৰিলে। ভূপেনদাই ড০ বীৰেন্দ্ৰ নাথ দত্তৰ স’তে একেলগে শেষ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰাতে ক্ষান্ত নেথাকি প্ৰতিমা বাইদেউৰ নশ্বৰদেহৰ লগত একেখন লৰীতে উঠি উজান বজাৰৰ শ্বহীদ ন্যায় ভৱনলৈ যাত্ৰা কৰি নিজৰ প্ৰিয়তমা শিল্পীগৰাকীক চিৰ বিদায় দিলে। ভূপেনদাই কৈছিল ” তেওঁ কেৱল শিল্পী – গায়িকা নহয়, প্ৰতিমা আছিল গোৱালপাৰীয়া লোকগীতৰ গৱেষকো। ১৯৭০ চনৰ পৰাই প্ৰতিমাই বহু পৰীক্ষা-নিৰীক্ষাৰে এই বিশেষ ধাৰাটো জীপাল কৰিছে মূলত আঘাত নপৰাকৈ। প্ৰতিমাৰ মৃত্যু এক ডাঙৰ ক্ষতি। তেওঁ ৰজাৰ কন্যা হৈও সকলোধৰণৰ আনুষ্ঠানিকতা আভিজাত্যৰ পোছাক দলিয়াই পেলাইছিল। সোমাই পৰিছিল গাঁৱে-ভূঞে মানুহৰ হৃদয়ত। এয়া একপ্ৰকাৰৰ বিপ্লৱ-আন্দোলন। ৰূপান্তৰৰ মাজেৰেই যুগান্তৰৰ শলিতা জ্বলাইছিল প্ৰতিমা বৰুৱা পাণ্ডেই।
মাটিয়াবাগৰ ৰাজকন্যা হৈও ৰাজমহল এৰি মাটিৰ জীৱন আঁকোৱালি লৈ সোঁতৰ বিপৰীতে এক ব্যতিক্ৰমী জীৱন পৰিক্ৰমা সামৰি প্ৰতিমা বাইদেউ গুচি গ’ল। এৰি থৈ গ’ল -‘ হস্তীৰ কন্যা ‘ হৈ মাহুতৰ স’তে একেলগে থাকি, খোৱা বোৱা কৰি, গীত শিকি, এগৰাকী ৰাজকন্যাই নজীৰ সৃষ্টি কৰি ‘ গোৱালপৰীয়া লোকগীতৰ ‘ এটি ঘৰনা অসমবাসীলৈ – ” দিনে দিনে খাসিয়া পৰিবে/ ৰংগিলা দালানেৰে মাটি / গোসাঁইজী কোন ৰংগে”।
লেখক পৰিচিতিঃ
শ্ৰী কমল কটকীয়ে বৰ্তমানে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিল অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ জীৱনৰ বহু সময় তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ গীতত বাদ্য সংগত কৰি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে৷ Bhupenda: Bard of the Brahmaputra শীৰ্ষক গ্ৰন্থখনৰো তেওঁ সহ-লিখক৷