ইংলেণ্ডৰ পৰা ভাৰতবৰ্ষলৈ বণিজ কৰাৰ অজুহাত লৈ আওপকীয়াকৈ ব্ৰিটিছ শাসনৰ পাতনি মেলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেংগল আৰ্মিৰ ৩৪ বেংগল ইনফেন্ট্ৰিৰ চিপাহী মংগল পাণ্ডেয়ে লেফটেনেণ্ট হেনৰী বাগলৈ বুলি মৰা গুলীটোৱেই আছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথমটো গুলী৷ সেই অপৰাধতে বিনা বিচাৰে কলিকতাৰ বেৰেকপুৰত ১৮৫৭ চনৰ ৮ এপ্ৰিলত মংগল পাণ্ডেক ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসকে ফাঁচী দিছিল৷ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত মংগল পাণ্ডেৰ নাম প্ৰথমজন শ্বহীদ হিচাপে লিপিৱদ্ধ হ’ল৷
কিন্তু তাৰো আগতে অসমত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে দেশ ব্ৰিটিছৰ অধীনলৈ যোৱাৰ প্ৰায় দুবছৰৰ পিছতে ১৮২৮ চনত গোমধৰ কোঁৱৰে গোমধৰ সিংহ নাম লৈ উজনি অসমৰ তৰাতলিত পুনৰ ৰাজসিংহাসনত বহি ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই কথা গম পাই গোমধৰ সিংহক বন্দী কৰি ১৪ বছৰৰ কাৰাদণ্ড বিহি বংগদেশৰ ৰংপুৰলৈ স্থানান্তৰিত কৰে৷ তাৰ কিছুদিন পিছতেই বদন বৰফুকনৰ পুত্ৰ পিয়লি ফুকনে কোম্পানীৰ বাৰুদ গৃহত জুই দিয়াৰ অপৰাধত ১৮৩০ চনৰ ২৪ ছেপ্টেম্বৰত ব্ৰিটিছে ফাঁচীকাঠত ওলোমাই মৃত্যুদণ্ডেৰে দণ্ডিত কৰে৷ তেওঁৰ লগতে জিউৰাম দুলীয়া বৰুৱাকো ফাঁচীৰ জৰিয়তে মৃত্যুদণ্ড বিহে৷ অসম বুৰঞ্জীত লিপিৱদ্ধ উক্ত ঘটনাৰাজিয়ে এইটো কথাই প্ৰতিপন্ন কৰে যে গোমধৰ সিংহই আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন সৈনিক৷ লগতে পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ক্ৰমে প্ৰথম আৰু দ্বিতীয়জন শ্বহীদ আছিল৷ তাৰ পিছত মণিৰাম দেৱানক ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসকসকলে ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী দিয়ে৷ লগতে মণিৰাম দেৱানৰ সহযোগী বাহাদুক গাঁওবুঢ়াক কাৰাদণ্ড বিহি আজিকালিৰ আন্দামান অৰ্থাৎ তাহানিৰ কালাপানীৰ চেলুলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ আনুমানিক ১৮৫৭-১৮৬০ চনৰ সময়ছোৱাত ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰি বাহাদুৰ গাঁওবুঢ়াৰ লগতে অসমৰ দুতিৰাম বৰুৱা, শ্বেখ ফৰমুদ আলি আৰু মধু মল্লিকে কালাপানীৰ বন্ধ কুঠৰীত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল৷ ইয়াৰোপৰি ১৯৩২ চনৰ পৰা ১৯৩৮ চনলৈ আন্দামানৰ বন্ধ কুঠৰীত বন্দীত্বৰ জীৱন কটোৱা আন দুজন স্বাধীনতা সংগ্ৰামী আছিল বিনয় লস্কৰ আৰু গোপেন ৰয়৷ আন্দামানৰ কাৰাগাৰত দুৰ্বিসহ জীৱন কটোৱা এইসকল স্বাধীনতা সংগ্ৰামীৰ নাম অসমৰ গৰিষ্ঠসংখ্যক মানুহেই নাজানে৷ পৰৱৰ্তী সময়ত কুশল কোঁৱৰ, কনকলতা বৰুৱা, তিলক ডেকা, ভোগশ্বৰী ফুকননীকে আদি কৰি বহুজন শ্বহীদ হ’ল৷
কিন্তু অসমীয়াৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱতেই হওক অথবা অন্য কোনো কাৰণতেই হওক চিপাহী বিদ্ৰোহৰ আগতেই বা ঠিক আৰম্ভণিৰ সময়তে ফাঁচীকাঠত ওলমা আৰু ভাৰতৰ প্ৰথমজন অসমীয়া সংগ্ৰামী গোমধৰ সিংহসহিতে শ্বহীদ পিয়লি ফুকন, জিউৰাম দুলীয়া বৰুৱা আৰু মণিৰাম দেৱানে আজিকোপতি সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি নোপোৱাটো বৰ পৰিতাপৰ বিষয়৷
লেখক পৰিচিতিঃ
শ্ৰী কমল কটকীয়ে বৰ্তমানে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিল অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ জীৱনৰ বহু সময় তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ গীতত বাদ্য সংগত কৰি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে৷ Bhupenda: Bard of the Brahmaputra শীৰ্ষক গ্ৰন্থখনৰো তেওঁ সহ-লিখক৷