অসমৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ বিৰুদ্ধে CBI য়ে ৰুজু কৰিছে গোচৰ। ব্রহ্মপুত্র টি এম টি (TMT) বাৰছ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটো বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে। কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগত চিবিআয়ে গোচৰ ৰুজু কৰাৰ কথা জানিব পৰা গৈছে।
উল্লেখ্য যে, প্রতিষ্ঠানটোৰ দুই সঞ্চালকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে। সঞ্চালক দুগৰাকীৰ নাম ক্ৰমে সন্তোষ জয়ছোৱাল আৰু পদ্মনাথ ডেকা। দুই সঞ্চালকৰ বিৰুদ্ধে প্ৰায় ৬৫.৭৩ কোটি টকাৰ ঋণ জালিয়াতি কৰাৰ অভিযোগত গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে। কাল্পনিক লেনদেন দেখুৱাই ভুৱা বিত্তীয় বিৱৰণী দাখিল কৰিছিল দুই সঞ্চালকে।