ক্ৰমাৎ সক্ৰিয় হৈ উঠিছে আলফা (স্বাধীন)। উজনি অসমত সক্ৰিয় হৈ থকা আলফা বৰ্তমান নামনি আৰু মধ্য অসমতো সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ নামনি অসমৰ বহুতো যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰিছে। যুদ্ধ বিৰতিৰ আলম লৈ আলফা শক্তিশালী কৰাত পৰেশ বৰুৱা যথেষ্ট সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।
আলফা পুনৰ চৰ্চালৈ অহাৰ সময়তে আন এক প্ৰসংগই গুৰত্ব লাভ কৰিছে। অলপতে পৰেশ বৰুৱা সম্পৰ্কত মন্ত্ৰী সঞ্জয় কিষাণে এক বিতৰ্কিত মন্তব্য কৰি বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছিল। উল্লেখ্য যে, পৰেশ বৰুৱাক মিছলীয়া বুলি কৈছিল মন্ত্ৰী সঞ্জয় কিষাণে আৰু ইয়াৰ পাছতে জাঙুৰ খাই উঠিছিল আলফা শিবিৰ, মন্ত্ৰীগৰাকীক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল আলফাই। মন্ত্ৰীজনৰ মন্তব্যৰ পাছতে আলফা নেতা আইচেং অসমে সামাজিক মাধ্যমেৰে প্ৰত্যাহ্বান জনাইছিল যে, ২৪ ঘন্টাৰ ভিতৰত ১০ যুৱক-যুৱতীক আলফাত যোগদান কৰোৱাব। আলফা নেতাজনৰ হুংকাৰ পাছতেই আলফা স্বাধীনত যোগদান কৰিলে ১০ অসমীয়া যুৱক-যুৱতীয়ে৷
শিৱসাগৰৰ দুই যুৱতীসহ ১০গৰাকী যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰে। কালি আলফাৰ ম্যানমাৰ শিবিৰত উপস্থিত হয় আটাইকেইজন সদস্য। আলফাত যোগদান কৰে শিৱসাগৰ ধেমেচী বেজপথাৰৰ ৰোহিণী গগৈ, শিৱসাগৰ ফুলপানীছিগাৰ মালবিকা বৰা ঘৰফলীয়া, আমগুৰিৰ শিৱানী গগৈ, ওদালগুৰিৰ ৰৌতাৰ চিন্ময় ডেকা, নলবাৰী মুকালমুৱাৰ নয়নজ্যোতি কলিতা আৰু গোলাঘাট দেৰগাঁৱৰ নকুল দাস, যোৰহাট ম’হবন্ধাৰ মৃদুপৱন বৰা, কামৰূপ লোহাৰঘাটৰ অনন্ত ৰাভা আৰু কামৰূপ ছয়গাঁৱৰ দিগন্ত দাসে। আনহাতে, আলফাত যোগদান কৰা শিৱানী গগৈয়ে ফেচবুকত জীৱনৰ সিদ্ধান্ত নিজেই ল’ম বুলি কোৱাৰ লগতে সিদ্ধান্তৰ বাবে কোনো জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিছে।