তেলেংগানাৰ এটা কাঠৰ গুদামত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত নিহত হৈছে ১১ জনকৈ লোক। তেলেংগানাৰ চেকেন্দ্ৰাবাদ অঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ড। প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত ১১ জন লোক নিহত হোৱাৰ উপৰিও আন এগৰাকী ব্যক্তি আহত হৈছে। স্থানীয় অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
উল্লেখ্য যে এই ঘটনাত নিহত হোৱা ১১ জন ব্যক্তিয়েই প্ৰব্ৰজিত শ্ৰমিক। বিহাৰৰ পৰা তেলেংগানাত গৈ কাঠৰ গুদামত কাম কৰি আছিল শ্ৰমিক কেইজনে। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি সন্দেহ কৰা হৈছে।
ঘটনা সংঘটিত হোৱাৰ সময়ত ১২ জন শ্ৰমিক প্ৰথম মহলাত শুই আছিল। ইয়াৰে মাত্ৰ এজন শ্ৰমিকক হে আহত অৱস্থাত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। স্থানীয় প্ৰশাসনে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ লগতে শ্ৰমিকসকলৰ মৃতদেহ হস্তান্তৰ কৰিবৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে।