বুধবাৰে মৰিগাঁও জিলাৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে চলোৱা অভিযানত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ একপ্ৰকাৰ ফাদিল কৰি দিছে। স্বাস্থ্য বিভাগৰ দুৰ্নীতিপৰায়ণ একাংশ বিষয়া আৰু ঔষধ পৰিদৰ্শকৰ চূড়ান্ত গাফিলতি, অমনোযোগিতা আদিৰ বাবেই সমগ্ৰ জিলাখনত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ভুৱা ফাৰ্মাচীৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলাখনৰ আৰক্ষী প্ৰশাসন। বুধবাৰে জিলাখনৰ বানে গৰকা মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযানত ছীল কৰা হয় ১৪ খনকৈ ভুৱা ফাৰ্মাচী।
পোহৰলৈ অহা তথ্যমতে, কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি অবৈধভাৱে গেলামালৰ দোকানৰ দৰে জীৱন দায়িনী ঔষধসমূহ সৰ্বসাধাৰণ ৰাইজক বিক্ৰী কৰি ধন ঘটি আহিছিল। সেই তথ্য লাভ কৰাৰ পিছতেই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই পৰিকল্পিতভাৱে বজাৰখনত নিখুঁত অভিযান চলায়।
দুয়োজন বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযান কালত ১০ লক্ষাধিক জনসংখ্যা থকা জিলাখনৰ একমাত্ৰ ঔষধ পৰিদৰ্শক চন্দ্ৰজিত দহোটিয়াই প্ৰতিখন দোকানৰ নথি-পত্ৰসমূহ জব্দ কৰাৰ লগতে দোকানসমূহ ছীল কৰি তলা লগাই দিয়ে।বিয়লি ৩-০০ বজাৰ পৰা চলি থকা আৰক্ষীৰ অভিযান সন্ধিয়া ৭ বজালৈ অব্যাহত থাকে। ১২ খন খুচুৰা ঔষধৰ দোকান ছীল কৰাৰ উপৰি দুখন পাইকাৰী দোকানতো অভিযান চলাই নথি পত্ৰ সমূহ নিৰীক্ষণ কৰে। আৰক্ষীৰ অভিযানক অঞ্চলৰ ৰাইজে শলাগ লৈছে।
উল্লেখ্য যে, গাগলমাৰীৰ হচনা বজাৰত আৰক্ষীৰ মাৰাথান অভিযান চলি থকাৰ খবৰ পাই মায়ং থানাৰ অন্তৰ্গত বৰবৰী,বালিমুখ,পাভকাতি, বুৰগাও, সিধাগুৰি বজাৰত চলি থকা একাংশ দোকান বন্ধ কৰি দোকানীবোৰ পলায়ন কৰে। আজি মায়ঙৰ হচনা বজাৰত ছীল কৰা দোকান কেইখনৰগৰাকী হ’ল- আবু তাহেৰ,গুলজাৰ হুছেইন, ইছলাম উদ্দিন, জেহেৰুল ইছলাম, ছাদ্দাম হুছেইন, মিজানুৰ ৰহমান, চৰিফুদ্দিন, হাফিজুল ইছলাম, ছাহজাহান আলী,আজহাৰ উদ্দিন, গুলজাৰ হুছেইন আৰু মফিদুল ইছলাম। বজাৰখনৰ মাত্ৰ দুখন ঔষধৰ দোকানৰহে সঠিক নথি-পত্ৰ আৰক্ষী আৰু ঔষধ পৰিদৰ্শক জনে লাভ কৰিবলৈ সক্ষম হৈছে।