শুক্ৰবাৰে নিশা মহানগৰীৰ ফটাশিল আমবাৰীত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত গৃহহীন হ’ল প্ৰায় ১৫০টা পৰিয়াল। বিধ্বংসী অগ্নিকাণ্ডটোত ১৫টা ছিলিণ্ডাৰ বিষ্ফোৰণ হোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ফটাশিল আমবাৰীৰ হৰিজন কলনীত।
উল্লেখ্য যে, জুইৰ লেলিহান শিখাই মূহুৰ্তৰ ভিতৰতে আগ্ৰাসী ৰূপ লোৱাত কেৱল প্ৰাণ লৈ গৃহ ত্যাগ কৰিব লগীয়া হৈছিল লোকসকলে। নিশাৰে পৰাই নিকটৱৰ্তী নিউ ফটাশিল টাউন হাইস্কুলৰ চৌদহত আশ্ৰয় লৈ আছে পৰিয়াল কেইটাই। বৰ্তমানলৈ চৰকাৰৰ তৰফৰ পৰা পুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও সোমবাৰে বিদ্যালয়ৰ দুৱাৰ পুনৰ শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত এই পৰিয়াল কেইটাৰ সংস্থাপন কিদৰে আৰু ক’ত হ’ব সেই সন্দৰ্ভত সকলো অনিশ্চিত।