লামডিং ৰেলৱে জংচনত বৃহস্পতিবাৰে সন্ধিয়া ৰেল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে৷ কাৰ্বি আংলং জিলাৰ ডিফু আৰক্ষীৰ সহযোগত লামডিং ৰেল আৰক্ষীয়ে অভিযান চলাই চুপাৰীখিনি জব্দ কৰে ৷
১৫৯০৯ নামনিমুৱা নিউ তিনিচুকীয়া লালগড় অৱধ আচাম এক্সপ্ৰেছ ৰেলৰ পৰা আৰক্ষীয়ে চুপাৰী খিনি জব্দ কৰাৰ লগতে তিনিগৰাকী মহিলাক আটক কৰিছে। ৰেলখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ ৩৩টা বস্তাত ভৰাই আনিছিল চুপাৰীখিনি।জব্দকৃত চুপাৰীখিনিৰ ওজন ১০৫০ কেজি। আটকাধীন মহিলা কেইগৰাকী হৈছে- নিউ জলপাইগুৰীৰ পূৰ্ণিমা পাল, চেহজেদা খাতুন আৰু সুব্ৰা খাতুন।
জানিব পৰামতে চুপাৰীখিনি ডিমাপুৰৰ পৰা নিউ জলপাইগুৰীলৈ সৰবৰাহ কৰিব বিচাৰিছিল। জব্দ কৰা চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৬ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ যে যিমানে ৰেল আৰক্ষী লগতে আৰ পি এফ তৎপৰ হৈছে সিমানেই সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা অবৈধভাৱে ৰেলত সৰবৰাহ কৰাবলৈ সক্ষম হৈছে ৷